NORTHEAST NOW (Assamese)

জুবিনৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি

September 23, 2025 7:25 pm · পৰেশ মালাকাৰ
Updated: September 23, 2025 7:50 pm

আজি জুবিন গাৰ্গৰ নশ্বৰ দেহ অগ্নিক সমাৰ্পন কৰা হ’ল। জুবিনৰ শৰীৰি অস্তিত্ব নোহোৱা হ’ল।মই আজি এটা কথাত নিশ্চিত হ’লো। এগৰাকী ব‍্যক্তিৰ মৃত‍্যুত এটা জাতিয়ে এনেদৰে সমূহীয়াকৈ শোক প্ৰকাশ কৰা, মোৰ জীৱন কালত মই আৰু দ্বিতীয়বাৰ  দেখা নাপাওঁ।এতিয়া উপলব্ধি কৰিছোঁ মৃত জুবিন জীৱিত জুবিনতকৈ কিমান ডাঙৰ! বোধহয় মৃত‍্যুৰ পিছতহে এজন মানুহৰ প্ৰকৃত মূল‍্যায়ণ সম্ভৱ। জীয়াই থাকোতে মানুহজন আমাৰ মাজতে থাকে কাৰণে বহু সময়ত আমি তেওঁক বিশেষ গুৰুত্ব নিদিওঁ।ধৰি লওঁ- তেওঁ আছে, থাকিব। জুবিনক  মানুহে কিয়  ইমান ভাল পাইছিল বাৰু? অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহ আজি শোকত ম্ৰিয়মান। অফিচলৈ অহাৰ সময়ত  দেখিলোঁ ৰাস্তা নিমাও মাও।মানুহ নাই। যি দুই এজন আছে সকলো বিমৰ্ষ। আনকি ৰাস্তাৰ কাষত থকা সৰু সুৰা পাচলিৰ দোকানবোৰো আজি নাই। চাৰিওফালে এক দুখ আৰু শোকৰ পৰিৱেশ। আৰু কোনোৱে কাকো একো ক’বলগীয়া হোৱা নাই।

সকলোৱে নিজে নিজে স্বইচ্ছাই সকলো বন্ধ কৰিছে। জুবিনৰ ব‍্যক্তিত্বত, জুবিনৰ গীতত কি এনে যাদু আছিল যাৰ কাৰণে মানুহ ইমান কাতৰহৈ পৰিছে, শোকদগ্ধহৈ পৰিছে?  জুবিনৰ নিৰ্দোষ ব‍্যক্তিত্ব আৰু তেওঁৰ গীতৰ কলিয়ে কলিয়ে  নিহিত তৰুণ প্ৰজন্মৰ ধমনীৰ উত্তাপেই বোধহয় আজি সকলোকে এনেকৈ শোকদগ্ধ কৰিছে। সকলো এনেদৰে জুবিনৰ শোকত ভাগি পৰিছে। এইকেইদিন জুবিনৰ বাহিৰে কোনো কথাই আমাৰ মনলৈ অহা নাই। এটা জাতিক এনেকৈ শোকত ডুবাই দিব পৰাটো এটা মামুলি কথানে? জুবিনৰ পৱিত্ৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যচাৰ বাহিৰে এই মুহূৰ্তত আমাৰ কৰিবলৈ একো নাই? মই  নৰ্থ-ইষ্ট নাও পৰিয়ালৰ হৈ জুবিনৰ পৱিত্ৰ স্মৃতিলৈ শ্ৰদ্ধা যাচিছোঁ। জুবিন অমৰ হওক। জুবিন আমাৰ মানস পটত চিৰদিন জীয়াই থাকক! জুবিনৰ প্ৰতি এয়ে আমাৰ শেষ শ্ৰদ্ধাঞ্জলি!

Related News