NORTHEAST NOW (Assamese)
Popular Stories

‘প্ৰযোজকৰ লগত শুৱাটোৱে জৰুৰী’! মুম্বাইৰ হোটেললৈ মাতি কি কোৱা হৈছিল অংকিতা লোখাণ্ডেক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2024 11:46 am

বিগ বছৰ এইবাৰৰ ছিজনত জয়ী নহ’লেও বিভিন্ন কাৰণত চৰ্চাত আছে অভিনেত্ৰী অংকিতা লোখাণ্ডে। বিশেষকৈ তেওঁৰ সম্পৰ্কৰ বাবে। সুশান্ত সিঙৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক, তাৰ পিছত বিকি জৈনৰ লগত তেওঁৰ বিবাহ.. মুঠতে তেওঁৰ জীৱনত এটা অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এসময়ত তেওঁ টিভিত পবিত্ৰ ৰিস্তাৰ জৰিয়তে কেৰিয়াৰ যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত চিনেমাত কাম কৰিছিল। টেলিভিছনৰ অন্যতম মুখ্য অভিনেত্ৰী আছিল অংকিতা। কিন্তু, অতীতৰ দিনবোৰ মনত পৰিলে এতিয়াও তেওঁৰ বুকু কঁপি উঠে। কিন্তু কিয়?

অভিনেত্ৰীগৰাকীয়ে দক্ষিণৰ ছবিৰ বাবে অফাৰ লাভ কৰিছিল। কিন্তু কৰিব নোৱাৰিলে। কিয়নো তেওঁক অসৎ অফাৰ দিয়া হৈছিল। নিজ কাণেৰে তেওঁ কি শুনিছিল যাৰবাবে সেইদিনা মূৰ ঠাণ্ডা ৰাখিব পৰা নাছিল?

লগতে পঢ়কঃ ৰজাঘৰীয়া আশীৰ্বাদ! অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ; কিয় চৰ্চাত জামনগৰ বিমানবন্দৰ?

এক সাক্ষাৎকাৰত অংকিতাই কয়, “মোক নিৰ্বাচিত কৰা হৈছিল। মোক মুম্বাইৰ এখন হোটেলত লগ কৰিবলৈ কোৱা হৈছিল। মই যোৱাৰ আগতে মাক কৈছিলো যে মোক স্বাক্ষৰ কৰাব, মই বৰ উত্তেজিত মা। কিন্তু… সেই সাক্ষাৎ তেওঁৰ লগত মুঠেই ভালদৰে নগ’ল।

অংকিতাই কয়, “হোটেল পোৱাৰ লগে লগে মোৰ কোৰ্ডিনেটৰক বাহিৰত থাকিবলৈ কোৱা হ’ল। মোক কোৱা হ’ল যে তুমি আপোচ কৰিব লাগিব। মইতো বুজি পাইছিলো কি হ’বলৈ গৈ আছে। মোৰ বয়স আছিল ১৯ বছৰ। মইও তথাপি স্মাৰ্ট দেখাবলৈ চেষ্টা কৰিছো। মই সুধিলোঁ সেইটো কি?

লগতে পঢ়কঃ ৰাজ্যসভাৰ ৩৩ শতাংশ সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ; বিজেপিৰ ২৩ শতাংশ আৰু…

তেওঁলোকে ক’লে, “তুমি প্ৰযোজকৰ লগত শুব লাগিব।” মই আচৰিত হোৱা নাছিলো। মাত্ৰ ওলাই অহাৰ আগতে কৈ আহিছিলো, আপোনালোকৰ প্ৰযোজকে চাগে টেলেন্ট কি বুজি নাপায়। কেবল লগত শুবলৈ ছোৱালী এজনী লাগে।”