• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰজাঘৰীয়া আশীৰ্বাদ! অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ; কিয় চৰ্চাত জামনগৰ বিমানবন্দৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2024 10:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ পূৰ্বে জামনগৰ বিমানবন্দৰক ১০ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মৰ্যাদা দিয়া হৈছে।

মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু সুপৰিচিত ব্যৱসায়ী বীৰেণ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ বিবাহ জামনগৰত আয়োজন কৰা হৈছে। দ্য হিন্দুৰ এক প্ৰতিবেদন অনুসৰি ইয়াৰ পূৰ্বে ১ মাৰ্চৰ পৰা আৰম্ভ হৈছিল প্ৰি-ৱেডিং মেলা, যাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিখ্যাত লোকসকল জামনগৰত উপস্থিত হৈছে।

ইয়াৰ ভিতৰত মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছ, ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ, বিখ্যাত গায়িকা ৰিহানা, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাৰ লগতে আছে বহুকেইখন দেশৰ প্ৰধানমন্ত্ৰী আৰু বহু পৰিচিত বলীউডৰ অভিনেতা।

Apply Now

লগতে পঢ়কঃ ৰাজ্যসভাৰ ৩৩ শতাংশ সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ; বিজেপিৰ ২৩ শতাংশ আৰু…

প্ৰতিবেদন মতে, ২৫ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চৰ ভিতৰত বহু আন্তঃৰাষ্ট্ৰীয় বিমান জামনগৰ বিমানবন্দৰত উপস্থিত হ’ব পাৰে। এনে পৰিস্থিতিত স্বাস্থ্য মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ে খোদ বিমানবন্দৰতে শুল্ক, অনুপ্ৰৱেশ আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা প্ৰস্তুত কৰিছে।

কোৱা হৈছে যে জামনগৰ এখন সামৰিক বিমানবন্দৰ য’ত অসামৰিক বিমানকো অৱতৰণ কৰিবলৈ দিয়া হয়। বিমানবন্দৰ কৰ্তৃপক্ষই ইয়াত সুকীয়া যাত্ৰী টাৰ্মিনেল নিৰ্মাণ কৰিছে। কিন্তু অনন্ত আম্বানীৰ বিয়াৰ সময়ত বিমানবন্দৰত বৃদ্ধি পোৱা ভিৰৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বায়ুসেনাইও নিজৰ স্পৰ্শকাতৰ ‘কাৰিকৰী এলেকা’লৈ প্ৰৱেশৰ অনুমতি দিছে।

নাম প্ৰকাশ নকৰাৰ চৰ্তত প্ৰতিবেদনত বিমানবন্দৰৰ এজন বিষয়াৰ উদ্ধৃতি দি কয় যে, “এটা নিৰ্দিষ্ট সময়ত তিনিখন বিমান কাৰিকৰী এলেকাত ৰখা হৈছে। ছয়খন সৰু আৰু ৩খন ডাঙৰ বিমান বিমানবন্দৰৰ অসামৰিক এলেকাত একে সময়তে ৰাখিব পৰা যায়।”

লগতে পঢ়কঃ নিৰ্বাচনী প্ৰচাৰত কৰিব নোৱাৰিব এইবোৰ কাম; ৰাজনৈতিক দলসমূহলৈ আয়োগৰ নিৰ্দেশনা জাৰি

সাধাৰণতে এদিনত বিমানবন্দৰটোৰ পৰা ছখন বিমানে উৰা মাৰে তথা অৱতৰণ কৰে যদিও শুকুৰবাৰে এই সংখ্যা ১৪০ ত উপনীত হয়। ইয়াৰে ৫০ শতাংশতকৈ অধিক আছিল আন্তঃৰাষ্ট্ৰীয় বিমান।

https://twitter.com/aaijamairport/status/1763764101258293495?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1763764101258293495%7Ctwgr%5E45046ee1c8e9fbf0c86456eae353197af401ecc0%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fcurlytales.com%2Fjamnagar-airport-receives-international-status-for-anant-radhika-pre-wedding-rihanna-departs-from-the-airport%2F

বিজনেছ ষ্টেণ্ডাৰ্ডত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিমানবন্দৰৰ সঞ্চালক ধনঞ্জয় কুমাৰ সিঙে কয় যে জামনগৰ বিমানবন্দৰত পাৰ্কিং স্থান নাই যাৰ বাবে ওচৰৰ মুম্বাই, ৰাজকোট, পোৰবন্দৰ, আহমেদাবাদত চাৰ্টাৰ্ড বিমানসমূহ ৰখা হৈছে।

https://twitter.com/NATERERUN/status/1763652127912550438?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1763652127912550438%7Ctwgr%5E45046ee1c8e9fbf0c86456eae353197af401ecc0%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fcurlytales.com%2Fjamnagar-airport-receives-international-status-for-anant-radhika-pre-wedding-rihanna-departs-from-the-airport%2F

প্ৰতিবেদন অনুসৰি, মুকেশ আম্বানীৰ পুত্ৰৰ বিয়ালৈ অহা অতিথিৰ তালিকাখনে আনকি ডাভোছৰ বাৰ্ষিক সন্মিলনৰ তালিকাখনকো চেৰ পেলাইছে। বিয়াৰ আমন্ত্ৰিতৰ তালিকাত আছে গৌতম আদানী, কুমাৰ মংগলম বিৰলা, অজয় ​​পৰিমল, শ্বাহৰুখ খান, দীপিকা পাডুকন, শচীন তেণ্ডুলকাৰ আদিকে ধৰি অনেক তাৰকাৰ নাম। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd