ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ পূৰ্বে জামনগৰ বিমানবন্দৰক ১০ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মৰ্যাদা দিয়া হৈছে।
মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু সুপৰিচিত ব্যৱসায়ী বীৰেণ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ বিবাহ জামনগৰত আয়োজন কৰা হৈছে। দ্য হিন্দুৰ এক প্ৰতিবেদন অনুসৰি ইয়াৰ পূৰ্বে ১ মাৰ্চৰ পৰা আৰম্ভ হৈছিল প্ৰি-ৱেডিং মেলা, যাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিখ্যাত লোকসকল জামনগৰত উপস্থিত হৈছে।
ইয়াৰ ভিতৰত মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছ, ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ, বিখ্যাত গায়িকা ৰিহানা, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাৰ লগতে আছে বহুকেইখন দেশৰ প্ৰধানমন্ত্ৰী আৰু বহু পৰিচিত বলীউডৰ অভিনেতা।
লগতে পঢ়কঃ ৰাজ্যসভাৰ ৩৩ শতাংশ সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ; বিজেপিৰ ২৩ শতাংশ আৰু…
প্ৰতিবেদন মতে, ২৫ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চৰ ভিতৰত বহু আন্তঃৰাষ্ট্ৰীয় বিমান জামনগৰ বিমানবন্দৰত উপস্থিত হ’ব পাৰে। এনে পৰিস্থিতিত স্বাস্থ্য মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ে খোদ বিমানবন্দৰতে শুল্ক, অনুপ্ৰৱেশ আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা প্ৰস্তুত কৰিছে।
কোৱা হৈছে যে জামনগৰ এখন সামৰিক বিমানবন্দৰ য’ত অসামৰিক বিমানকো অৱতৰণ কৰিবলৈ দিয়া হয়। বিমানবন্দৰ কৰ্তৃপক্ষই ইয়াত সুকীয়া যাত্ৰী টাৰ্মিনেল নিৰ্মাণ কৰিছে। কিন্তু অনন্ত আম্বানীৰ বিয়াৰ সময়ত বিমানবন্দৰত বৃদ্ধি পোৱা ভিৰৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বায়ুসেনাইও নিজৰ স্পৰ্শকাতৰ ‘কাৰিকৰী এলেকা’লৈ প্ৰৱেশৰ অনুমতি দিছে।
নাম প্ৰকাশ নকৰাৰ চৰ্তত প্ৰতিবেদনত বিমানবন্দৰৰ এজন বিষয়াৰ উদ্ধৃতি দি কয় যে, “এটা নিৰ্দিষ্ট সময়ত তিনিখন বিমান কাৰিকৰী এলেকাত ৰখা হৈছে। ছয়খন সৰু আৰু ৩খন ডাঙৰ বিমান বিমানবন্দৰৰ অসামৰিক এলেকাত একে সময়তে ৰাখিব পৰা যায়।”
লগতে পঢ়কঃ নিৰ্বাচনী প্ৰচাৰত কৰিব নোৱাৰিব এইবোৰ কাম; ৰাজনৈতিক দলসমূহলৈ আয়োগৰ নিৰ্দেশনা জাৰি
সাধাৰণতে এদিনত বিমানবন্দৰটোৰ পৰা ছখন বিমানে উৰা মাৰে তথা অৱতৰণ কৰে যদিও শুকুৰবাৰে এই সংখ্যা ১৪০ ত উপনীত হয়। ইয়াৰে ৫০ শতাংশতকৈ অধিক আছিল আন্তঃৰাষ্ট্ৰীয় বিমান।
As the pre-wedding event of AnantAmbani & Radhika merchant begins, Jamnagar Airport today welcomed many VIP guests from across the globe including Business Leaders, Sports personalities & Actors from the Film Fraternity. A total of apprx 130 flights were operated successfully. pic.twitter.com/wmuATW52s9
— JAMNAGAR AIRPORT (@aaijamairport) March 2, 2024
বিজনেছ ষ্টেণ্ডাৰ্ডত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিমানবন্দৰৰ সঞ্চালক ধনঞ্জয় কুমাৰ সিঙে কয় যে জামনগৰ বিমানবন্দৰত পাৰ্কিং স্থান নাই যাৰ বাবে ওচৰৰ মুম্বাই, ৰাজকোট, পোৰবন্দৰ, আহমেদাবাদত চাৰ্টাৰ্ড বিমানসমূহ ৰখা হৈছে।
Rihanna currently performing in India right now and my sista always gonna fck that “mhmm” part no matter what 😭 pic.twitter.com/TPx1jbnIWv
— NATE (@NATERERUN) March 1, 2024
প্ৰতিবেদন অনুসৰি, মুকেশ আম্বানীৰ পুত্ৰৰ বিয়ালৈ অহা অতিথিৰ তালিকাখনে আনকি ডাভোছৰ বাৰ্ষিক সন্মিলনৰ তালিকাখনকো চেৰ পেলাইছে। বিয়াৰ আমন্ত্ৰিতৰ তালিকাত আছে গৌতম আদানী, কুমাৰ মংগলম বিৰলা, অজয় পৰিমল, শ্বাহৰুখ খান, দীপিকা পাডুকন, শচীন তেণ্ডুলকাৰ আদিকে ধৰি অনেক তাৰকাৰ নাম।