NORTHEAST NOW (Assamese)

খেল’ ইণ্ডিয়া : অংকুশিতা বড়োৰ জৰিয়তে অসমে লাভ কৰিলে বক্সিঙত প্ৰথমটো স্বৰ্ণ

January 22, 2020 5:53 pm · এন ই নাও নিউজ
ফাইল ফটো

গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়া য়ুথ গেইমছৰ অন্তিম দিনটোত আয়োজক ৰাজ্য অসমে বক্সাৰ অংকুশিতা বড়োৰ জৰিয়তে লাভ কৰে অন্তিমটো স্বৰ্ণ পদক।

২১ বছৰ অনূৰ্ধ্বৰ ৬৪ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অংকুশিতাই হাৰিয়ানাৰ বিপক্ষ খেলুৱৈ মানিশাক পৰাস্ত কৰি স্বৰ্ণ পদকটো অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে চলিত খেল’ ইণ্ডিয়াত বক্সিঙত অসমক প্ৰথমটো স্বৰ্ণ পদক দিবলৈ সক্ষম হয় অংকুশিতা বড়োয়ে।

এই পৰ্যন্ত ২০ টা স্বৰ্ণ, ২১ টা ৰূপ আৰু ৩৪ টা ব্ৰঞ্জ সহ মুঠ ৭৫ টা পদকেৰে পদক তালিকাৰ ষষ্ঠ স্থানত আছে আয়োজক ৰাজ্য অসম।

আনহাতে, মহাৰাষ্ট্ৰই ৭৮ টা স্বৰ্ণ, ৭৬ টা ৰূপ আৰু ১০১ টা ব্ৰঞ্জৰ পদক সহ মুঠ ২৫৫ টা পদকেৰে পদক তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে হাৰিয়ানাই ৬৬ টা স্বৰ্ণ, ৬০ টা ৰূপ আৰু ৭১ টা ব্ৰঞ্জৰ পদক সহ মুঠ ১৯৭ টা পদকেৰে দ্বিতীয় স্থানত আছে।

Related News