NORTHEAST NOW (Assamese)

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: যুদ্ধত পতিত হ’ল আন এজন ৰাছিয়ান সেনা জেনেৰেল

March 8, 2022 10:33 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 8, 2022 10:44 am

ক্ৰমাৎ তীব্ৰতৰ হৈ উঠা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আজি ১৩ দিনত উপনীত হ’ল। যুদ্ধৰ বিভীষিকাৰ মাজতে ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত এজন ৰাছিয়ান জেনেৰেল নিহত হৈছে বুলি দাবী কৰিছে ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱাই।

ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱাই নিহত জেনেৰেলজনক মেজৰ জেনেৰেল ভিটালি গেৰাচিমভ বুলি চিনাক্ত কৰিছে।

ছিৰিয়া আৰু চেচ্চনিয়াত যুদ্ধৰ অভিজ্ঞতাৰে পুষ্ট গেৰাচিমভ ৰাছিয়াৰ কেন্দ্ৰীয় সামৰিক জিলাৰ ৪১ তম সেনাৰ প্ৰথম ডেপুটি কমাণ্ডাৰ আছিল।

ৰাছিয়াৰ শীৰ্ষ সামৰিক বিষয়াজন ২০১৪ চনত ক্ৰিমিয়া জব্দ কৰা বাহিনীৰো অংশ আছিল।

অৱশ্যে, ৰাছিয়াই এতিয়ালৈকে জেনেৰেলজনৰ মৃত্যু সম্পৰ্কীয় প্ৰতিবেদন নিশ্চিত কৰা নাই।

উল্লেখ্য ইয়াৰ পূৰ্বেও ইউক্ৰেইনত আন এজন ৰাছিয়ান জেনেৰেল নিহত হোৱাৰ খবৰ পোৱা গৈছিল।

পূৰ্বে নিহত হোৱা এই বিষয়াজনক ৰাছিয়াৰ ৭ম এয়াৰবৰ্ণ ডিভিজনৰ কমাণ্ডিং জেনেৰেল মেজৰ জেনেৰেল আন্দ্ৰেই চুখোৱেটস্কি বুলি চিনাক্ত কৰা হৈছিল।

Related News