NORTHEAST NOW (Assamese)
অসম

Anti-CAA Protest কৃষক আন্দোলনৰ সফলতাই দেখুৱাইছে বাট! ৰাজ্যত পুনৰ আৰম্ভ ‘কা’ বিৰোধী প্ৰতিবাদ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ November 25, 2021 3:48 pm
CAA protest in Sibsagar

Anti-CAA Protest কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলনে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ পিছতে এইবাৰ অসমত পুনৰ ‘কা’ বিৰোধী আন্দোলনে প্ৰাণ পাই উঠা দেখা গৈছে।

ইপিনে, নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত আজি আমগুৰিত দেখা গ’ল প্ৰতিবাদ।

আমগুৰি চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ণ মন্ত্ৰী আব্বাচ নকভীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে কিছু দিন পূৰ্বে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ‘কা’ ৰ বিৰুদ্ধে পুনৰ আন্দোলন কৰাৰ হুংকাৰ দিয়াৰ লগতে আন্দোলনৰ বাবে তেওঁ বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু বুলিও ঘোষণা কৰিছিল।

Also Read: ‘বেলেগৰ ইজ্জত লৈ আজি তেওঁ সাংসদ হৈছে, টকা-প‌ইচা গোটাইছে’; কোনে কাক উদ্দেশ্যি ক’লে এই কথা?

আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন আছু সম্পাদক লুৰিণ জ্যোতি গগৈয়েও ৰাজ্যত পুনৰ ‘কা’ বিৰোধী আন্দোলন আৰম্ভ হব বুলি মন্তব্য কৰিছে।

ইপিনে, পূৰ্বৰ দৰে ‘কা’ বিৰোধী আন্দোলনক ৰাজপথৰ পৰা খেল পথাৰলৈ নি নাচ গানৰ ৰূপ দিয়া বিজেপি দলৰ এজেন্ট সকলক এই আন্দোলনত সোমাবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।