NORTHEAST NOW (Assamese)

জুই, ধোঁৱাৰ মাজত জনতা ভৱন, বাহিৰে-ভিতৰে বিক্ষুব্ধ ৰাইজ-কৰ্মচাৰী

December 11, 2019 4:37 pm · কল্পজ্যোতি শইকীয়া
Updated: December 11, 2019 4:48 pm
দিচপুৰত বুধবাৰৰ ছবি।

ৰাজ্য সভাত নাগৰিকত্ব (সংশোধন) বিধেয়ক ২০১৯ৰ বিতৰ্ক চলি থকাৰ মাজত অসমত অব্যাহত ব্যাপক বিক্ষোভৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ৰাজধানী দিচপুৰ।

যোৱা প্ৰায় ৬ ঘণ্টা সময়ধৰি ৰাজধানী এলেকা প্ৰতিবাদত উত্তপ্ত হৈ আছে। জুই আৰু ধোঁৱাই সমগ্ৰ এলেকাটো ছানি ধৰিছে।

দিচপুৰৰ জনতা ভৱন হাজাৰ হাজাৰ লোকে ঘেৰাও কৰি ৰাখিছে। ভিতৰত আবদ্ধ কৰি ৰখা কৰ্মচাৰীসকলে কাৰ্য্যালয়তে হুলস্থূল আৰু প্ৰতিবাদ আৰম্ভ কৰিছে।

জনতা ভৱনৰ সমীপত প্ৰতিবাদকাৰীয়ে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ এখন বাহন ভাঙি পেলাইছে।

আৰক্ষীয়ে প্ৰতিবাদকাৰীক খেদি পঠোৱাৰ বাবে লাঠীচালনা কৰি আছে। কিন্তু প্ৰতিবাদকাৰীসকলে জনতা ভৱনৰ সন্মুখভাগৰ অৱস্থান ত্যাগ কৰা নাই।

গুৱাহাটীৰ কেইবাঠাইতো প্ৰতিবাদকাৰীয়ে বেৰিকেদ ভাঙি দিছে। আৰক্ষীৰ লাঠীচালনাত বহু প্ৰতিবাদকাৰীৰ লগতে সাংবাদিকো আহত হৈছে।

জনতা ভৱনৰ সন্মুখত বাতৰি লিখালৈকে তিনিগৰাকী সাংবাদিক আহত হৈছে। ডি ৱাই ৩৬৫ৰ এজন সাংবাদিকৰ মূৰ ফাটি গৈছে।

গুৱাহাটীৰ বিভিন্ন স্থানত ন নকৈ প্ৰতিবাদকাৰী সংগঠিত হৈছে। শিল্পী সমাজে গুৱাহাটী ক্লাবৰ পৰা কেব বাতিলৰ দাবীত সমদল বাহিৰ কৰিছে।

মূলতঃ ছাত্ৰ-ছাত্ৰী আৰু যুৱচামৰ পৰা আৰম্ভ কৰি বয়সস্থ লোক আৰু মহিলাসকলো ওলাই আহিছে।

সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীৰ দুটা বৃহৎ দল আহি দিচপুৰত অৱস্থান কৰিছে।

খানাপাৰা দিশৰ পৰাও আন এটা দল আগবাঢ়ি আহিছে। জি এছ ৰ’ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰিছে।

জি এছ ৰ’ডৰ দুঠাইত গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত আৰু এ বি চি এলেকাত লাঠীচালনা আৰু বেৰিকে’দ দি প্ৰতিবাদত বাধা দিয়াৰ চেষ্টা কৰা দেখা গৈছিল।

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ দলে বেৰিকে’ড ভাঙি দিছে। গুৱাহাটীৰ পথত গামোচা পাৰি ছাত্ৰ-ছাত্ৰী শুই পৰিছে।

কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতা হীৰক পাটোৱাৰী, প্ৰাক্তন নেতা জিন্তু ঠাকুৰীয়াক আৰক্ষীয়ে আটক কৰিছে।

সাম্প্ৰতিক অসমত প্ৰতিবাদটো স্পষ্টভাৱে অভূতপূৰ্ব ধৰণৰ। আৰক্ষীৰ বাহিৰে সকলো লোককে প্ৰতিবাদকাৰী যেন দেখা গৈছে।

দেখা গৈছে, একধৰণৰ পাৰভঙা ক্ষোভ আৰু আৱেগে অসম ছানি ধৰিছে। ডিব্ৰুগড়ত ভাৰতীয় সেনা মোতায়েন কৰা হৈছে। খবৰমতে, উজনিৰ চহৰখনত সেনাই ফ্লেগ মাৰ্চ কৰিছে।

দুপৰীয়াৰ ভাগত উজনিৰ পুৰণি আৰু প্ৰধান চহৰখনত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত প্ৰচণ্ড লাঠীচালনা কৰিছে। বহু লোক আহত হৈছে।

Related News