NORTHEAST NOW (Assamese)

বোধোদয়! ‘মই দুৰাচাৰ, কেৱল তোমাৰ…’ লাভ জেহাদ মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে ভূপেন বৰাই

July 28, 2023 11:07 am · এন ই নাও নিউজ, গুৱাহাটী
অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন বৰা। ফাইল ফটো।

বৃহস্পতিবাৰে লাভ জেহাদ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাভাৰত–শ্ৰীকৃষ্ণক সাঙুৰি মন্তব্য কৰাৰ পিছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি মুখ্যমন্ত্ৰীয়েও কোনোবাই গোচৰ তৰিলে ভূপেন বৰা গ্ৰেপ্তাৰ হ’ব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই। বৰাই  ‘মই দুৰাচাৰ কেৱল তোমাৰ… অপৰাধী নাৰায়ণ। ক্ষমিয়োক হৰি লৈয়ো দাস কৰি… পশিলো হেৰা শৰণ॥‘ প্ৰাৰ্থনাৰে নিজৰ ভুলৰ ক্ষমা বিচাৰিছে। বৰাই কয় যে ‘লাভ জেহাদত শ্ৰীকৃষ্ণক সাঙুৰি অনাতো মোৰ ভুল আছিল।’

লগতে পঢ়ক: তিনিদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে অসমত উপস্থিত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত

বৰাই প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত কয় যে তেওঁ বিজেপি বা মুখ্যমন্ত্ৰীৰ ভয়ত ক্ষমা খোজা নাই। ভকত-বৈষ্ণৱ, বাপসকলে দুখ পোৱাৰ বাবেহে ক্ষমা বিচাৰিছে।

বৰাই কয়, ‘ককাই সপোনত আহি ক্ষমা বিচাৰিবলৈ কৈছে। ককাৰ কথা মতেই মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ।‘

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে ৰাজনীতি এৰিলে মই নামঘৰৰ পাঠক হ’ম বুলিও মন্তব্য কৰে। তেওঁ কয়, ‘ মোৰ জন্ম গাঁৱত এটা নামঘৰ আটকধুনীয়া কৈ বনাই আছো। গাঁৱৰ ৰাইজৰ লগত এটাই চৰ্ত যে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পিছত নামঘৰলৈ আহি পাঠক হ’ম।‘

লগতে পঢ়ক: চাইবাৰ অপৰাধ! ইউটিউব লাইক কৰি ৭০০ কোটিৰো অধিক টকা হেৰুৱালে ১৫ হাজাৰৰো অধিক ভাৰতীয়ই

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে আত্মশুদ্ধিৰ বাবে নামঘৰলৈ গৈ তামোল-পাণ দি সেৱা কৰাৰ অংগীকাৰো কৰে।

Related News