NORTHEAST NOW (Assamese)
অৰুণাচল

মাজুলীৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিদ্যু্ৎ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

Posted by: মিটু খাটনিয়াৰ   December 15, 2018 4:31 pm
WhatsApp Image 2018-12-15 at 4.21.04 PM

অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলে প্ৰতিবাদেৰে উত্তাল কৰি তোলে মাজুলীৰ গড়মূৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত  পৰিবেশ। উল্লেখ্য যে বিভাগত অস্থায়ীভাৱে খাটি থকা সহায়ক, মিটাৰ ৰিডাৰসকলৰ স্থায়ী নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে  চলিত বৰ্ষৰ ছেপ্তেম্বৰত ৫৫ জনৰ নাম সম্বলিত এখন তালিকা প্ৰকাশ পাইছিল।

পৰৱৰ্তী সময়ত অনলাইন কৰাৰ পিছত ডিচেম্বৰৰ ৭ তাৰিখে আন এখন তালিকা প্ৰকাশ পায়। য’ত পূৰ্বৰ তালিকাত থকা প্ৰাৰ্থীসকলৰ নাম নথকাত ক্ষুদ্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে।

উল্লেখ্য, নতুনকৈ ওলোৱা তালিকাত মাজুলীৰ মাত্ৰ ১১ জন কৰ্মচাৰীৰহে নাম আহিছে। বিভাগৰ এই কাৰ্যত ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল।