NORTHEAST NOW (Assamese)

ডিপ্ৰেছনত মাৰাডোনা! জন্মদিন উদযাপনৰ পিছতে ভৰ্তি হ’ল হাস্পতালত

November 3, 2020 12:05 pm · এন ই নাও নিউজ

আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী মহান ফুটবলাৰ ডিয়েগ’ মাৰাডোনা হতাশাগ্ৰস্ত কাৰণৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে।

ফুটবলাৰ গৰাকীৰ ব্যক্তিগত চিকিৎসক লিঅপল্ড’ লুকে অসুস্থতাৰ কথা জানিবলৈ দি কয়, ‘তেওঁৰ শাৰিৰীক অৱস্থা খুব জটিল নহয় আৰু তেওঁ ইচ্ছা কৰিলে হাস্পতালৰ পৰা ঘৰলৈ উভতিবও পাৰে’।

ব্যক্তিগত চিকিৎসকগৰাকীয়ে লগতে কয় যে তেওঁৰ শাৰিৰীক অৱস্থা সুস্থিৰ ৰূপলৈ ঘূৰাই অনাৰ বাবে তেওঁ কমেও তিনিদিন চিকিৎসালয়ত থকাটো বিচাৰো।

তেওঁ লগতে কয়, ‘মাৰাডোনা মানসিকভাৱে অসুস্থ আৰু সেইটোৱে তেওঁৰ শৰীৰক ক্ষতি কৰিব পাৰে’।

১৯৮৬ চনৰ বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক মাৰাডোনাক ব্যুনছ আয়ৰ্ছৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ দক্ষিণপ্ৰান্তৰ লা প্লাটাৰ এখন ব্যক্তিগত চিকিৎসালত ভৰ্তি কৰোৱা হয়।

মাৰাডোনাই যোৱা বছৰ জিম্নেছিয়া এছগ্ৰিমাৰ প্ৰশিক্ষক হিচাপে নিযুক্ত হোৱাৰ পিছৰ পৰাই তাত থাকিবলৈ লৈছিল।

যোৱা শুকুৰবাৰে নিজৰ ৬০ সংখ্যক জন্মদিন পালনৰ উপৰি নিশা জিম্নেছিয়াৰ ৰাষ্ট্ৰীয় চেম্পিয়শ্বিপত পেট্ৰোনাটোৰ বিৰুদ্ধে হোৱা মেচখনতো তেওঁক দেখা গৈছিল।

মাৰাডোনাৰ দলে মেচখন ৩-০ত জয় লাভ কৰিছিল যদিও প্ৰথম হাফৰ সমাপ্তিৰ পিছতে তেওঁ ষ্টেডিয়াম এৰিছিল। আৰু ইয়াৰ পিছৰে পৰা তেওঁৰ স্বাস্থ্যক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল।

Related News