NORTHEAST NOW (Assamese)

নাগা শান্তি চুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ আশ্বাস স্থল সেনা প্ৰধান নাৰাভানেৰ

November 25, 2020 9:03 am · এন ই নাও নিউজ

নাগালেণ্ডত শান্তি আৰু সুস্থিৰতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত লগতে ভাৰত-ম্যানমাৰ সীমান্তত প্ৰদান কৰি অহা সুৰক্ষাৰ বাবে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ অৱদানৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে।

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি আৰু মুখ্য মন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ সৈতে এক আলোচনাত অংশলোৱাৰ সময়ত নাৰাভানে এইদৰে কয়।

উত্তৰ-পূবৰ সুৰক্ষাৰ দিশটো পৰ্যালোচনা কৰাৰ বাবে স্থলসেনা প্ৰধান গৰাকীয়ে সোমবাৰে তিনিদিনীয়া ভ্ৰমণসূচীলৈ উত্তৰ-পূবত উপস্থিত হৈছে।

স্থলসেনা প্ৰধান গৰাকীয়ে উত্তৰ-পূব ভ্ৰমণৰ সময়ত ইষ্টাৰ্ণ কামাণ্ড জিঅ’চি-ইন-চীফ লেফটেণ্ট জেনেৰেল অনিল চৌহান, লেফটেণ্ট জেনেৰেল আৰ পি কলিতাই অসম, নাগালেণ্ড, অৰুণাচল আৰু মণিপুৰৰ নিৰাপত্তাজনিত দিশসমূহৰ বিষয়ে বৰ্ণনা কৰে।

স্থলসেনা প্ৰধান গৰাকীৰ আগত চলি থকা নাগা শান্তি চুক্তি সন্দৰ্ভতো বৰ্ণনা আগবঢ়োৱা হয়।

আনহাতে, নাৰাভানে মঙলবাৰে নাগালেণ্ড আৰু মণিপুৰত অৱস্থিত বিভিন্ন আসাম ৰাইফলছৰ মুখ্য কাৰ্য্যালয় ভ্ৰমণ কৰি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে।

Related News