NORTHEAST NOW (Assamese)

সাংবাদিক অৰ্ণৱ গোস্বামীক মুম্বাইত আক্ৰমণ; কংগ্ৰেছৰ ওপৰত অভিযোগ

April 23, 2020 8:54 am · এন ই নাও নিউজ
Updated: April 23, 2020 10:10 am

অসমৰ সুসন্তান তথা ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক বুধবাৰে নিশা একাংশ দুস্কৃতিকাৰীয়ে শাৰিৰীকভাৱে আক্ৰমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশিষ্ট সাংবাদিক অৰ্ণৱে মুম্বাইস্থিত ষ্টুডিঅ’ৰ পৰা ঘৰলৈ উভতাৰ পথত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হয়।

আক্ৰমণৰ এই ঘটনাৰ আঁৰত কংগ্ৰেছৰ হাইকামাণ্ডে পঠিওৱা গুণ্ডাবাহিনী জৰিত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিক গোস্বামীয়ে।

লগতে পঢ়ক : এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ পৰা পদত্যাগ অৰ্ণৱ গোস্বামীৰ; সম্পাদকীয় নীতি আপোচ কৰাৰ অভিযোগ গোস্বামীৰ

অৰ্ণৱ গোস্বামীয়ে কাৰ্যালয়ৰ পৰা নিজৰ পত্নী সম্যব্ৰতা ৰায় গোস্বামীৰ সৈতে ঘৰলৈ গৈ থকাৰ সময়তে ঘৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত এই আক্ৰমণ সংঘটিত হৈছে।

মুখত মাস্ক পৰিধান কৰি বাইকেৰে অহা গুণ্ডাৰ দলটোৱে অৰ্ণৱৰ গাড়ী আগভেটি ধৰি অকথ্য গলি গালাজ কৰাৰ লগতে বটলেৰে আক্ৰমণ কৰে।

আক্ৰমণকাৰী কেইজনক লগে লগে অৰ্ণৱৰ সুৰক্ষাত নিয়োজিত লোকে কৰায়ত্ত কৰি সোধাপোচা কৰাত অৰ্ণৱ গোস্বামীক এশিকনি দিবলৈ তেওঁলোকক কংগ্ৰেছৰ পৰা পঠিয়াইছিল বুলি উল্লেখ কৰে।

আক্ৰমণকাৰী কেইজন বৰ্তমান মুম্বাই আৰক্ষীৰ জিম্মাত আছে।

লগতে পঢ়ক : অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ দাবী ৰিপুণ বৰাৰ

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত দুজন হিন্দু সাধু উম্মত্ত দলবদ্ধ আক্ৰমণত নিহত হোৱাৰ পাছতো ছোনীয়া গান্ধী কিয় মনে মনে আছে বুলি অৰ্ণৱ গোস্বামীয়ে প্ৰশ্ন কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছিল কংগ্ৰেছী নেতা-কৰ্মীসকল।

আৰু পঢ়ক : অৰ্ণৱ গোস্বামী পাগল হৈছে, ছোনিয়া গান্ধীক কৰা সমালোচনা গৰিহণাযোগ্য : ৰাজস্থানৰ কংগ্ৰেছী মুখ্য মন্ত্ৰী অশোক গেহলট

Related News