NORTHEAST NOW (Assamese)

মহিলা সম্পূৰ্ণ নিৰাপদ, অপৰাধ প্ৰায় শূন্য : প্ৰতিষ্ঠাৰ বাবে সৰ্বোত্তম ঠাই ডুবাই

June 27, 2024 6:34 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: June 27, 2024 4:40 pm

বিখ্যাত কোম্পানী মেৰিগোল্ড ৱেলথৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অৰবিন্দ দত্তই ডুবাই সম্পৰ্কে কৰিছে ডাঙৰ মন্তব্য। তেওঁ ডুবাইক বিশ্বজুৰি বসতি স্থাপনৰ চূড়ান্ত স্থান হিচাপে প্ৰশংসা কৰিছে।

মূল সুবিধাসমূহৰ ওপৰত আলোকপাত কৰি দত্তই কয় যে সম্পত্তি বিনিয়োগৰ ক্ষেত্ৰত ডুবাই অতি উত্তম। লগতে ভিছাৰ সুলভতাৰ কথাও উল্লেখ কৰিছে বিষয়াগৰাকীয়ে। অৱসৰৰ পিছতো ডুবাইত ভাল সুবিধা লাভ কৰা যায় বুলি কয় বিষয়াগৰাকীয়ে।

অৰবিন্দ দত্তই ডুবাইক কৰা প্ৰসংশাই বিশেষ চৰ্চা লাভ কৰিছে। তেওঁৰ সমৰ্থক সকলেও ডুবাইৰ সুৰক্ষা, আন্তঃগাঁথনি আৰু ভিছাৰ সুবিধাৰ প্ৰশংসা কৰিছে।

Related News