প্ৰতিদিনেই আহে গ্ৰেপ্তাৰৰ ভাবুকি! ইডিৰ চমন নেওচা দি মন্তব্য কেজৰিৱালৰ

আবকাৰী নীতিৰ কেলেংকাৰীৰ গোচৰত আজি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে জাৰি কৰা চমন অগ্ৰাহ্য কৰি জেৰাৰ বাবে উপস্থিত থকাৰ পৰা বিৰত থাকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তাৰ পৰিৱৰ্তে মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলায় আপ মুৰব্বীগৰাকীয়ে।
ৰাজ্যখনৰ সিংৰাউলীত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশ লয় অৰবিন্দ কেজৰিৱালে। এই ৰেলীতে কেজৰিৱালে কৰে এক বিস্ফোৰক মন্তব্য। কেজৰিৱালৰ দাবী, দিল্লীত উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰতিদিনে দি অহা হৈছে।
মমধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়লৈ তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰি কেজৰিৱালে ৰেলীত উপস্থিত লোকসকলক আম আদমী পাৰ্টিক ভোট দিবলৈ আহ্বান জনায়।
কেজৰিৱালে কয়, “দিল্লীত থিয় হৈ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিম বুলি প্ৰতিদিনে ভাবুকি দি আছে। আমাক গ্ৰেপ্তাৰ কৰিলেও কোনো কথা নাই, কেজৰিৱালে জেললৈ যাবলৈ ভয় নকৰে। কেজৰিৱালৰ শৰীৰ গ্ৰেপ্তাৰ কৰিব, কিন্তু চিন্তাক কেনেকৈ গ্ৰেপ্তাৰ কৰিব?”
“আপোনালোকে এজন কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব। কিন্তু হাজাৰ হাজাৰ কোটি কেজৰিৱালক কেনেকৈ গ্ৰেপ্তাৰ কৰিব” বুলিও নিৰ্বাচনী ৰেলীৰ পৰা শাসকীয় বিজেপিক পৰোক্ষ আক্ৰমণ কৰি কেজৰিৱালে প্ৰশ্ন কৰে।
“যিদিনা নিৰ্বাচনৰ ফলাফল আহিব, মই জেলত থাকিম নে বাহিৰতে থাকিম নাজানো। কিন্তু মই য’তেই থাকোঁ তাতেই কেজৰিৱাল সিংৰাউলীলৈ আহিছিল আৰু সিংৰাউলীৰ ৰাইজে তেওঁক ঐতিহাসিক জয়েৰে উভতাই পঠিওৱা বুলি মানুহে কোৱা শুনিব বিচাৰোঁ।”- তেওঁ লগতে কয়।
উল্লেখ্য যে, আজি পুৱা ১১ বজাত কেজৰিৱালক দিল্লীৰ ইডি কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছিল যদিও তেওঁ তদন্ত সংস্থাটোলৈ এক পত্ৰ প্ৰেৰণ কৰি চমন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।
ইডিৰ জাননীখনক ‘অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ আখ্যা দি বিজেপিৰ নিৰ্দেশত প্ৰেৰণ কৰা বুলিও কেজৰিৱালে এই তেওঁ পত্ৰখনত দাবী কৰে।