NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত বাইকৰ পৰা পৰি আশাকৰ্মীৰ মৃত্যু

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ April 17, 2020 7:10 pm
শিৱসাগৰত বাইকৰ পৰা পৰি আশাকৰ্মীৰ মৃত্যু

আজি শিৱসাগৰৰ জয়াপাৰাত সংঘটিত এক পথ দূৰ্ঘটনাত এগৰাকী আশাকৰ্মীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মৃত আশাকৰ্মী গৰাকীক মৰমী শইকীয়া (৫৮) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে তেওঁ জেঙনিকটীয়া উপ স্বাস্থ্য কেন্দ্ৰত আশাকৰ্মী হিচাপে কৰ্মৰত আছিল।

ঘটনা অনুসৰি আজি পুৱা নিজ ঘৰৰ পৰা জেঙনিকটীয়া উপ স্বাস্থ্য কেন্দ্ৰলৈ সম্বন্ধীয় এজন ব্যক্তিৰ লগত গৈ থকা অৱস্থাত বাইকৰ পৰা পৰি মহিলাগৰাকীয়ে মূৰত বেয়াকৈ আঘাত পোৱাত তেওঁক ততাতৈয়াকে ডিব্ৰুগড়লৈ লৈ যোৱা হয় যদিও অধা বাটতে তেওঁ মৃত্যুক সাবটি লয়।

অবিবাহিতা মহিলা গৰাকী জয়াপাৰত নিজৰ ভাতৃৰ লগত আছিল।