NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাৰ আশিস ভৌমিক ভাৰতৰ মুখ্য পিটছ কিউৰেটৰ নিৰ্বাচিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2019 4:52 pm
MS Dhoni with Ashis Bhowmik

ত্ৰিপুৰাৰ অশিস ভৌমিকক ভাৰতীয় ক্ৰিকেটৰ মুখ্য পিটছ কিউৰেটৰ হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাজ্যৰ পৰা কোনো ব্যক্তিক প্ৰথমবাৰৰ বাবে বি চি চি আইৰ যিকোনো সমিতিত অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে।

অলপতে বি চি চি আয়ে নতুন পিটছ কিউৰেটৰৰ সমিতি ঘোষণা কৰিছিল।

দহজনীয় নতুন পিটছ কিউৰেটৰ সমিতিখনে ভাৰতৰ সকলো ক্ৰিকেট পিটছ চোৱা-ছিটা কৰিব।

ত্ৰিপুৰাৰ আশিস ভৌমিকক এই দহজনীয়া কমিতিখনৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়।

ভাৰতৰ সকলো ধৰণৰ ক্ৰিকেট পিটছ এতিয়াৰ পৰা ভৌমিকৰ নিৰ্দেশ আৰু নেতৃত্ব অনুসৰি নিৰ্মাণ কৰা হ’ব।

মুখ্য পিটছ কিউৰেটৰ হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে আশিস ভৌমিকে নৰ্থ-ইষ্ট নাওৰ আগত সন্তুষ্টি প্ৰকাশ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

‘‘নিশ্চিতভাৱে এয়া এক প্ৰত্যাহবানপুৰ্ণ কাম তথা দায়িত্ব। এইক্ষেত্ৰত মই প্ৰাক্তন মুখ্য পিটছ কিউৰেটৰ দলজিৎ সিঙৰ পৰা সহায়-সহযোগ লাভ কৰিছো,’’ ভৌমিকে কয়।

আনহাতে, বিগত ২২ বছৰে সিঙৰ পৰা এই ক্ষেত্ৰখনত বহু কথা শিকাৰ পাছত তেখেতৰ স্থানতে স্থলাভিষিক্ত হোৱাটো এক ডাঙৰ প্ৰত্যাহবান হিচাপেও ভৌমিকে উল্লেখ কৰে।

তদুপৰি, ত্ৰিপুৰাৰ দৰে এখন সৰু ৰাজ্যৰ পৰা গৈ ভাৰতৰ মুখ্য পিটছ কিউৰেটৰ হিচাপে নিযুক্তি লাভ কৰা বিষয়টোৱে কোন ঠাইক প্ৰতিনিধিত্ব কৰি আপুনি আহিছে সেয়া গুৰুত্বপুৰ্ণ কথা নহয় বুলি প্ৰমাণ কৰিছে বুলি ভৌমিকে মত ব্যক্ত কৰে।

আশিস ভৌমিকে ত্ৰিপুৰা ক্ৰিকেট এছ’চিয়েশ্যনৰ হৈ পিটছ কিউৰেটৰ হিচাপে কাম কৰিছিল। তাৰ পূৰ্বে তেওঁ বি চি চি আইৰ পূৱ মণ্ডলৰ পিটছ কিউৰেটৰ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

আশিস ভৌমিকে ত্ৰিপুৰাৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অলপতে পুণেত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টৰ পিটছ নিৰ্মাণৰ দায়িত্বত আছিল ভৌমিক।