NORTHEAST NOW (Assamese)

টীয়কত অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ৩৫ সংখ্যক অধিৱেশন অনুস্থিত

February 13, 2022 2:13 pm · এন ই নাও নিউজ,টিয়ক
Updated: February 13, 2022 2:22 pm

মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনভাগি এইবাৰ যোৰহাট জিলাৰ উদ্যোগত টীয়কৰ বাম গুৱাল গাঁৱৰ নামঘৰ প্ৰাংগণত বামদেৱআতা ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত কৰিছে।

প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীৰ পাছত আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে প্ৰথমে ধৰ্মধ্বজ্জা উত্তোলন কৰা হৈছে।মূল ধৰ্মধ্বজ্জা উত্তোলন কৰে অসম মহাপুৰীয়া সত্ৰ সমাজৰ সভাপতি দেবানন্দ দেৱ গোস্বামীয়ে আৰু তাৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শাখাসমূহৰ প্ৰতিনিধিসকলে ৩৫ সংখ্যক অধিবেশন উপলক্ষ্যত ৩৫ খনকৈ পতাকা উত্তোলন কৰা হয়।

পতাকা উত্তোলনৰ লগে লগে খোল শংখ তাল তথা নামৰ ধ্বনিৰে এক সুন্দৰ আধ্যাত্মিক পৰিবেশৰ সুচনা হয় আৰু সকলোৱে গুৰুদুজনাৰ অমৰ সৃষ্টিৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সংকল্পবদ্ধ হয়।

উল্লেখযোগ্য যে পতাকা উত্তোলনৰ পাছতে নাম প্ৰসংগ,আই মাতৃ সমাৰোহ,মুকলি সভাকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে উদ্যোক্তাসকলে ।

আজি সন্ধিয়া বন্তি প্ৰজ্বলনেৰে উক্ত দুয়োদিনাৰ কাৰ্যসূচী সমাপ্ত হব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

Related News