NORTHEAST NOW (Assamese)

এইবাৰ সাংবাদিকক বিৰোধীৰ এজেণ্ট সজালে অসম বিজেপিয়ে

November 24, 2018 9:15 pm · কল্পজ্যোতি শইকীয়া
আজিৰ সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত দাস।

পঞ্চায়ত নিৰ্বাচন যিমানেই সমাগত, সিমানেই যেন থৰকাছুটি হেৰুৱাই পেলাইছে ৰাজ্যিক বিজেপিয়ে। সেয়েহে হিতাহিত জ্ঞান হেৰুৱাই প্ৰশ্ন সোধা সাংবাদিককে আক্ৰমণৰ লক্ষ্য কৰি ল’লে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰসকলে।

আজি, হেঙেৰাবাৰীস্থিত দলটোৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলত দলটোৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত দাসে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অপাৰগ হৈ ওলোটাই সাংবাদিকক বিৰোধীৰ হৈ কাম কৰাৰ অভিযোগহে আনে।

উল্লেখযোগ্য যে সংবাদমেলত উপস্থিত সাংবাদিকে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ‘ৰাজ্যত বিজেপি চৰকাৰৰ কিছুমান নীতিৰ বাবেই যুৱ প্ৰজন্ম আলফা (স্বাঃ)লৈ ধাৱমান হৈছে’ বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচাৰে মুখপাত্ৰ বিজন মহাজনৰ পৰা।

কিন্তু বিজন মহাজনে সেই প্ৰশ্নৰ পৰা আঁতৰি থাকি ইয়াৰ প্ৰতিক্ৰিয়া দিবৰ বাবে অনুৰোধ জনায় তেওঁৰ কাষতে থকা জয়ন্ত দাসক।

তাৰ পিছতে জয়ন্ত দাসৰ কটাক্ষভৰা উত্তৰ, “বিৰোধীয়ে এনে ধৰণৰ মন্তব্য দি কু-চক্ৰান্ত ৰচনা কৰিছে। বিৰোধীয়ে ৰচনা কৰা চক্ৰান্তত সাংবাদিকেও ভৰি থৈছে, সেই কথা বিচাৰ কৰক।”

এইদৰেই সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ বিৰোধীৰ এজেণ্ট সজাব বিচাৰিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।

অৱশ্যে সাংবাদিকক কিয় এনেদৰে আক্ৰমণৰ লক্ষ্য কৰা হৈছে বুলি প্ৰশ্ন কৰাত তেওঁ এই মন্তব্য উঠাই লয়। কিন্তু পুনৰ কয়, “বিচাৰ কৰক বুলি কোৱা মন্তব্য মই উঠাই নলওঁ। বিচাৰ কৰক আপোনালোকে।”

অৱশ্যে, সংবাদমেল সম্বোধন কৰা বিজন মহাজনে হৈ যোৱা ভুল ধৰি নাথাকিবৰ বাবে সাংবাদিকসকলক অনুৰোধ জনায়।

কাৰো সমালোচনা সহ্য নকৰাটোৱেই বিজেপিৰ ধৰ্ম। কি ৰাষ্ট্ৰীয় বিজেপি, কি ৰাজ্যিক বিজেপি? বিজেপিক ভুল আঙুলিয়াই দিলেই খৰ্গহস্ত হৈ পৰে দলৰ নেতা-কৰ্মীসকল। বিৰোধী, বুদ্ধিজীৱী, কৃষক নেতা অখিল গগৈৰ পিছত এইবাৰ দলৰ নেতাসকলে তেওঁলোকৰ কাৰ্য্যক লৈ প্ৰশ্ন কৰা সাংবাদিককো টাৰ্গেট কৰা দেখা গৈছে।

কেইদিনমান পূৰ্বে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সংবাদ মাধ্যমক ‘আলফাৰ হৈ বেছিকৈ প্ৰচাৰ চলাই আছে’ বুলি দোষাৰোপ কৰিছিল।

ইয়াৰোপৰি স্বয়ং ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধলা কাণ্ড সংঘটিত হৈ যোৱাৰ পাছত একাংশ সংবাদ মাধ্যমক এই ঘটনাৰ বাবে জগৰীয়া কৰাৰ উপৰি ভৱিষ্যতে বিহিত ব্যৱস্থা লোৱাৰো হুংকাৰ দিছিল।

মন কৰিব লগীয়া কথা যে ৰাজ্যিক বিজেপিয়ে যোৱা দুসপ্তাহত ধাৰাবাহিকভাৱে ১১খন সংবাদমেল অনুষ্ঠিত কৰিছে।

Related News