NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’লে ২ মিনিটতকৈ অধিক আন গাড়ী ৰখাব নোৱাৰিব, কেবিনেটৰ সিদ্ধান্ত

January 27, 2022 2:15 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: January 27, 2022 2:23 pm

আজি জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনটেৰ গুৰুত্বপূৰ্ণ বৈঠক।বৈঠকত কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

জনতা ভৱনত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু ৰণোজ পেগুৱে। উক্ত সংবাদমেলত মন্ত্ৰী দুগৰাকীয়ে আজিৰ কেবিনেেট বৈঠকৰ সিদ্ধান্তসমূহ ব্যক্ত কৰে।

ৰণোজ পেগুৱে কয় যে চৰকাৰৰ অধীনত হোৱা অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়াক সম্বৰ্দ্ধনা জনোৱা নহ’ব।

কেৱল কেন্দ্ৰীয় মন্ত্ৰী বা বয়োজ্যেষ্ঠ আমন্ত্ৰিত অতিথিক সম্বৰ্দ্ধনা জনোৱা হ’ব।
মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়াক সম্বৰ্দ্ধনা জনোৱাৰ পৰিৱৰ্তে একোটাকৈ বৃক্ষৰোপন কাৰ্য্যসূচী হাতত লোৱা হৈছে।

কেশৱ মহন্তই সংবাদমেলত উল্লেখ কৰা অনুসৰি প্ৰত্যেক জিলাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হব জিলা দিৱস হিচাপে।

ৰাইজৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’লে ২ মিনিটতকৈ অধিক আন গাড়ী ৰখাব নোৱাৰিব। গুৱাহাটীত কেৱল ৬ খন গাড়ী লগত লৈ মুখ্যমন্ত্ৰীয়ে ঘূৰিব।

১০ মাৰ্চৰ পূৰ্বে অনুষ্ঠিত কৰিব লাগিব পৌৰসভাৰ নিৰ্বাচন।

১৪ মাৰ্চৰ ভিতৰত বাজেট অধিবেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপালক অনুৰোধ জনাব।

কৃষকে উচিত মূল্যত ধান ক্ৰয় কৰিব পাৰে তাৰ বাবে অভিভাৱক মন্ত্ৰী আৰু জিলা উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে।

এতিয়াৰে পৰা কোনো মন্ত্ৰীয়ে বিত্ত বিভাগৰ পূৰ্ব অনুমোদন অবিহনে কোনো আঁচনি বা অনুদান আদি ঘোষণা কৰিব নোৱাৰিব৷ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত৷

Related News