NORTHEAST NOW (Assamese)

Controversy পদ্মশ্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ তৰিব কংগ্ৰেছ নেতা, বিৰোধী দলপতি দেবব্ৰত শইকীয়াই

November 15, 2021 12:13 pm · মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা

Controversy বলিউডৰ মোহময়ী অভিনেত্ৰী পদ্মশ্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ তৰিব কংগ্ৰেছৰ CLP নেতা দেবব্ৰত শ‌ইকীয়াই।

এই সন্দৰ্ভত মন্তব্য কৰি দেবব্ৰত শইকীয়াই কয়,’’কংগনাই বীৰ শ্বহীদ সকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে। দেশৰ স্বাধীনত সংগ্ৰামীৰ বিৰুদ্ধে বিৰ্তকিত মন্তব্য আগবঢ়াইছে। অনতিপলমে অসম আৰক্ষীত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।‘’

মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ ভাতৃ সংগঠনৰ সহযোগত ১৪৬ সংখ্যক বীৰ শ্বহীদ বীৰচা মুণ্ডাৰ জন্ম দিৱস উপলক্ষে আজি পুৱা মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছত থকা তেওঁৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কাৰ্যসূচীত উপস্থিত আছিল দেবব্ৰত শইকীয়া।

Also Read: Crime in the City কালীবাৰী কালী মন্দিৰৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ নতুন মোৰ; পত্নীক গ্ৰেপ্তাৰ আৰক্ষীৰ 

এই  কাৰ্যসূচীত CLP নেতা দেবব্ৰত শ‌ইকীয়াৰ উপৰি প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজ , ৰাজু চাহু, জিলা কংগ্ৰেছৰ সভাপতি জীৱন কূৰ্মী, জিলা কংগ্ৰেছৰ সমুহ বিষয়ববীয়া, ব্লক কংগ্ৰেছৰ সমুহ বিষয়ববীয়া উপস্থিত থাকে। 

Related News