NORTHEAST NOW (Assamese)

অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী সভাপতি হিচাপে তৰুণ গগৈৰ স্থলাভিষিক্ত হোৱাৰ পথত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

October 26, 2019 8:11 am · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সোণোৱাল

অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী সভাপতিৰ বাবে শুকুৰবাৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অসম অলিম্পিক সন্থাৰ সভাপতি পদত একমাত্ৰ মুখ্য মন্ত্ৰী সোণোৱালৰ নামেই প্ৰস্তাব কৰাৰ পাছত তেওঁ মনোনয়ন দাখিল কৰাত পৰৱৰ্তী সভাপতি হিচাপে প্ৰায় নিশ্চিত হৈ পৰিছে সোণোৱাল।

আনহাতে, অসম অলিম্পিক সন্থাৰ সভাপতি পদৰ বাবে মাত্ৰ এগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ বিপৰীতে বিভিন্ন পদৰ বাবে ভালেসংখ্যক ব্যক্তিয়ে নিজৰ নিজৰ মনোনয়ন দাখিল কৰে বুলি জানিব পৰা গৈছে।

অহা ১০  নৱেম্বৰত গুৱাহাটীত অসম অলিম্পিক সন্থাৰ সাধাৰণ সভাখন অনুষ্ঠিত হ’ব।

নিৰ্ধাৰিত সময়ত সাধাৰণ সভা আয়োজন নকৰাত ভাৰতীয় অলিম্পিক সন্থাই অসম অলিম্পিক সন্থাৰ পূৰ্বৰ কমিটিখন ভংগ কৰি দিছিল।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ দলীয় সতীৰ্থ ৰকিবুল হুছেইন ক্ৰমে অসম অলিম্পিক সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

বৰ্তমান ভাৰতীয় অলিম্পিক সন্থাই সুৰিন্দ্ৰ মোহন বালিৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া তদৰ্থ কমিটিয়ে সন্থাৰ কাৰ্য্যভাৰ গ্ৰহণ কৰি আছে।

Related News