NORTHEAST NOW (Assamese)

নিৰ্বাচনী দায়িত্বত ১৬০০ বনৰক্ষীক নিয়োগৰ চৰকাৰী নিৰ্দেশক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবী পৰিৱেশকৰ্মীৰ

March 30, 2026 3:37 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:48 am

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে বনৰক্ষীসকলক নিৰ্বাচনী দায়িত্বত নিয়োগ কৰাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে একাংশ প্ৰাক্তন আমোলা আৰু পৰিৱেশ সংৰক্ষণকৰ্মীয়ে। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা উলংঘা কৰি ৰাজ্যৰ প্ৰায় ১৬০০ গৰাকী অসম বন সুৰক্ষা বাহিনীৰ জোৱানক নিৰ্বাচনী দায়িত্ব অৰ্পণ কৰাৰ প্ৰতিবাদত এই বিশেষজ্ঞৰ দলটোৱে চৰকাৰলৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিছে। এই নিৰ্দেশনাই ৰাজ্যৰ বন্যপ্ৰাণী আৰু বনাঞ্চলসমূহৰ সুৰক্ষাৰ প্ৰতি এক ডাঙৰ ভাবুকি কঢ়িয়াই আনিব বুলি পত্ৰখনত গভীৰ উদ্বেগ প্ৰকাশ কৰা হৈছে।

যোৱা ১৯ মাৰ্চত অসমৰ পৰিৱেশ আৰু বন বিভাগে এক নিৰ্দেশনাযোগে ৰাজ্যিক আৰক্ষীক সহায় কৰিবলৈ বন সুৰক্ষা বাহিনীৰ এই জোৱানসকলক ৯ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ দায়িত্বত নিয়োগ কৰিছিল। নিৰ্দেশনা অনুসৰি, জোৱানসকলে ৩ এপ্ৰিলৰ ভিতৰত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ ওচৰত হাজিৰ হব লাগিব আৰু ১০ এপ্ৰিলত নিজৰ কৰ্মস্থানলৈ উভতি আহিব। এই সিদ্ধান্তৰ বিৰোধিতা কৰি কেৰালাৰ প্ৰাক্তন প্ৰধান মুখ্য বন সংৰক্ষক প্ৰকৃতি শ্ৰীবাস্তৱে লিখা এই মুকলি পত্ৰখনত পৰিৱেশ মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব মীনা গুপ্তা, মহাৰাষ্ট্ৰৰ প্ৰাক্তন প্ৰধান মুখ্য বন সংৰক্ষক ড০ এ কে ঝা, উত্তৰ প্ৰদেশৰ প্ৰাক্তন প্ৰধান মুখ্য বন সংৰক্ষক ড০ উমা শংকৰ সিং, ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বৰ্ডৰ স্থায়ী সমিতিৰ প্ৰাক্তন সদস্য প্ৰেৰণা সিং বিন্দ্ৰা আৰু বন্যপ্ৰাণী সংৰক্ষণকৰ্মী দেৱাদিত্য সিনহাই স্বাক্ষৰ কৰিছে।

পত্ৰখনত উল্লেখ কৰা হৈছে যে বন সুৰক্ষা বাহিনীক এনেদৰে নিয়োগ কৰাটো কেৱল বন্যপ্ৰাণী সংৰক্ষণৰ পৰিপন্থীয়েই নহয়, ই প্ৰচলিত আইনী আৰু প্ৰশাসনিক নীতিৰো সম্পূৰ্ণ বিৰুদ্ধাচৰণ। ভাৰতৰ নিৰ্বাচন আয়োগৰ স্পষ্ট নিৰ্দেশনা অনুসৰি, বন বিভাগৰ বাহিনীসমূহক আৰু কাৰ্যৰত বন বিষয়াসকলক নিৰ্বাচন সম্পৰ্কীয় দায়িত্বত নিয়োগ কৰিব নোৱাৰি। ইয়াৰ উপৰি, ২০২৪ চনত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক নিৰ্দেশনাতো বন বিষয়া আৰু বিভাগীয় বাহনসমূহক নিৰ্বাচনী দায়িত্বৰ পৰা ৰেহাই দিয়া হৈছিল বুলি পত্ৰখনত সোঁৱৰাই দিয়া হৈছে।

বনাঞ্চলৰ ক্ষেত্ৰ কৰ্মীসকলক আঁতৰাই আনিলে বনাঞ্চল আৰু বন্যপ্ৰাণীৰ আৱাসস্থলীসমূহ সুৰক্ষাহীন হৈ পৰিব আৰু অসাধু চক্ৰই ইয়াৰ সুযোগ গ্ৰহণ কৰি লুণ্ঠন চলাব পাৰে বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে। প্ৰশাসনিক সীমা অতিক্ৰম কৰা এনে কাৰ্য ৰোধ কৰিবলৈ আৰু আইনৰ শাসন বৰ্তাই ৰাখিবলৈ এই বিষয়টোত তৎকালীনভাৱে গুৰুত্ব প্ৰদানৰ প্ৰয়োজন বুলি মুকলি পত্ৰখনত দাবী জনোৱা হৈছে।

Related News