NORTHEAST NOW (Assamese)
Popular Stories

লকডাউন শিথিলতাৰ নীতি-নিয়ম জাৰি অসম চৰকাৰৰ; জানক ইয়াৰ সবিশেষ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 20, 2020 8:38 pm

ক’ৰ’না ভাইৰাছ্‌ সংহাৰ প্ৰতিৰোধৰ বাবে ৩ মে’লৈকে লকডাউন চলি থাকিব যদিও কাইলৈ অৰ্থাৎ ২১ এপিলৰ পৰা দেশৰ কিছু কিছু ক্ষেত্ৰত শিথিলতা দেখা পোৱা যাব।

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো মঙলবাৰৰ পৰা চৰকাৰী কাৰ্যালয় সমূহ খুলিব বুলি ৰাজ্য চৰকাৰৰ মুখ্য সচিবে আজি এক সংবাদমেলৰ জৰিয়তে জনাইছে।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি সচিবালয়ৰ উপ সচিবৰ পৰা আৰম্ভ কৰি উৰ্দ্ধতন সকলো বিষয়া নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকল বিভাগীয় বিষয়াৰ নিৰ্দেশ অনুসৰি কাৰ্যালয়লৈ আহিব লাগিব। অৰ্থাৎ এটা দিনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ৩৩ শতাংশ কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত থাকিব পাৰিব।

আনহাতে উপ সচিব, যুটীয়া সচিব তথা সচিব সকলে কাৰ্যালয়লৈ নিজৰ গাড়ীৰে অহাৰ বিপৰীতে সচিবালয়ৰ পৰা বাছৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিব পৰা গৈছে।

সঞ্চালকালয়, স্বায়ত্ব শাসিত প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিত সঞ্চালকৰ পৰা সহকাৰী সঞ্চালক পৰ্যায়ৰ বিষয়া উপস্থিত থকাটো বাধ্যতামূলক কৰিছে।

মাণ্ডলিক আযুক্ত উপাযুক্ত মকুমাধিপতি সকলে নিজৰ কাৰ্যালয়ৰ উপৰি জিলাৰ বাকী কাৰ্যালয়তো একে ব্যৱস্থা গ্ৰহনৰ বাবে নিৰ্দেশনা জাৰি কৰিব।

কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ উপৰি সাধাৰণ লোক কাৰ্যালয়লৈ অহাটো নিষিদ্ধ। সকলো বিষয়াই কাৰ্যালয়লৈ পৰিচয় পত্ৰ লৈ আহিব। তদুপৰি মাস্ক আৰু হেণ্ড চেনিটাইজাৰ বাধ্যতামূলক। সকলোৱে সামাজিক দুৰত্ব মানি চলিব লাগিব।

কাইলৈৰ পৰা কি কি খুলিব

কৃষি আৰু গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰ সমূহ খোলা দিয়াৰ লগতে কৃষি কাৰ্যৰ লগত জড়িত সকলো দোকান খোলা থাকিব। অব্যাহত থাকিব বীজ, কীটনাশক ৰাসয়নিক সাৰৰ উৎপাদন আৰু বিতৰণ।

মাছ মৰা কাৰ্যৰ লগতে গাখীৰ দুগ্ধজাত সামগ্ৰীৰ উৎপাদন আৰু যোগান অব্যাহত থাকিব। তদুপৰি খোলা থাকিব গোশালা।

আনহাতে কৃষি সামগ্ৰী পৰিবহন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

পৰ্যাপ্ত সুৰক্ষা গ্ৰহণ কৰি মান সম্পন্ন কাৰ্য সম্পাদন প্ৰক্ৰিয়া অনুসৰি উদ্যোগিক কাম-কাজ অব্যাহত থাকিব।

ই কমাৰ্চ আৰু ডিজিটেল অৰ্থনীতিৰ কাম-কাজ চলি থাকিব। স্বাস্থ্য সেৱাৰ কাম কাজ চলি থাকিব।

খাদ্য প্ৰস্ততকৰণ উদ্যোগ, ইটা ভাটাৰ লগতে জল সিঞ্চন আৰু পানী যোগানৰ লগত জড়িত কাম কাজ অব্যাহত থাকিব।

অত্যাৱশকীয় সামগ্ৰীৰ বাদে বাকী বাণিজ্য প্ৰতিষ্ঠান বন্ধ থাকিব।

তথ্য প্ৰযুক্তিৰ কামকাজ ৫০ শতাংশ কৰ্মীৰে চলিব।

শীতল ভৰাল গুদাম সমূহ চলি থাকিব।

স্বাস্থ্য সেৱাৰ লগত জড়িত উদ্যেগ খোলা থাকিব।

তথ্য প্ৰযুক্তিৰ হাৰ্ডৱেৰ, পেকেজিং সামগ্ৰী, মৰাপাট উদ্যোগ আদি খোলা থাকিব।

তেল আৰু প্ৰাকৃতিক গেছ উদ্যেগৰ কাম চলিব।

ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্ৰি, মটৰ মেকানিক, কাঠমিস্ত্ৰি আদি স্বনিয়োজিত কৰ্মী সকলে গ্ৰাহকৰ নিজস্ব চৌহদত সেৱা আগবঢ়াব পাৰিব বুলি জানিব পৰা গৈছে।

কি কি বন্ধ থাকিব

ৰেইল, ৰাজহুৱা বাছ, টেক্সি, কেব সেৱা, শিক্ষা প্ৰতিষ্ঠান, চিনেমা হল, শ্বপিং মল, জিম, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ, বাৰ, ধৰ্মীয় স্থান আদি বন্ধ থাকিব।

ইয়াৰ উপৰি সামাজিক অনুষ্ঠান আয়োজনত আৰু জনসমাগমত বাধা আৰোপ কৰা হৈছে।

আনহাতে শেষকৃত্যৰ বাবে ২০ জনতকৈ অধিক লোকক উপস্থিত থাকিবলৈ দিয়া নহ’ব।

প্ৰব্ৰজিকৃত শ্ৰমিক সকলে এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ এবাৰহে অনুমতি লাভ কৰিব।