NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

January 27, 2021 8:04 pm · মানস প্ৰতিম গগৈ
Updated: January 27, 2021 9:02 pm

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত তিনি আলফা কেডাৰ আটক কৰাৰ বাতৰি পোৱা গৈছে।  ড়

টিৰাপ জিলাৰ নগলুত অভিযান চলাই সেনাই আটক কৰিছে তিনিগৰাকী কেডাৰক।

আটকাধীন সদস্য কেইজন হল ক্ৰমে মিলন বৰুৱা ওৰফে নিজান অসম, স্বয়ম্ভূ মেজৰ জিন্টু অসম ওৰফে বিকেশ্বৰ মৰাণ আৰু গৌৰৱ অসম ওৰফে ৰাজীৱ গগৈ।

তিনিওকে আসাম ৰাইফলছে ভাৰত ম্যানমাৰ সীমান্ত অতিক্ৰম কৰিব লওঁতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি সেনাৰ এক সূত্ৰত প্ৰকাশ পাইছে।

তেওঁলোকৰ পৰা ৩২ পিষ্টল তিনিটা আৰু কেইবাজাই গুলী  জব্দ কৰিছে আসাম ৰাইফলছে।

ধৃত আলফা(স্বা)ৰ সদস্য কেইজনৰ ঘৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বুলি জানিব পৰা গৈছে।

Related News