NORTHEAST NOW (Assamese)

ধুমুহা-বৰষুণতো যান-বাহন নিয়ন্ত্ৰণ কৰি যোৱা গুৱাহাটীৰ এজন আৰক্ষী জোৱানৰ ভিডিঅ’ ভাইৰেল

March 31, 2019 4:28 pm · মৃদুল প্ৰীতম ডেকা
Updated: March 31, 2019 5:45 pm

ধুমুহা-বৰষুণেও কৰ্তব্যনিষ্ঠাৰ পৰা এচুলি মানো লৰাব নোৱৰা এজন যান-বাহন আৰক্ষী জোৱান। ধুমুহা-বৰষুণ আহিলে আনসকলে সচৰাচৰ যিটো কৰে, মিঠুন দাস নামৰ এই জোৱানজনক তেনে কৰাৰ পৰা বিৰত থকা দেখা গ’ল।

আজি দুপৰীয়া অহা ধুমুহা-বৰষুণক সম্পূৰ্ণ আওকাণ কৰি বশিষ্ঠ চাৰি আলিত কৰ্তব্যৰত এই জোৱানজনে যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্ব অবিচলভাৱে পালন কৰি যায়। তেওঁৰ ব’ডি লেংগুৱেজত নাছিল কোনো অস্বস্তিৰ প্ৰকাশ।

দৃষ্টান্তমূলক কৰ্তব্যনিষ্ঠা দেখুওৱা আৰক্ষী জোৱান মিঠুন দাস।

ধুমুহা-বৰষুণৰ বাবে নাতিদূৰৰ বাটৰ কাষৰ নিৰাপদ ঠাইত আশ্ৰয় লোৱা বাটৰুৱা আৰু গাড়ীৰে পাৰ হৈ যোৱা যাত্ৰীসকলে নিজকে ধন্য মানে জোৱানজনৰ কৰ্তব্যনিষ্ঠা দেখি। অনেকেই তেওঁৰ এই দৃষ্টান্তমূলক কৰ্তব্যনিষ্ঠাৰ দৃশ্য নিজৰ ম’বাইলত বন্দী কৰি ছ’চিয়েল মিডিয়াত আপল’ড কৰে।

প্ৰায়ে প্ৰখৰ ৰ’দ, প্ৰবল বৰষুণ, ধুমুহা-বতাহৰ মাজত কৰ্তব্য পালন কৰিব লগীয়া হোৱা আৰক্ষীৰ প্ৰতি সাধাৰণ মানুহৰ চিৰাচৰিত ধাৰণা সহমৰ্মিতাপূৰ্ণ বুলি মুঠেই ক’ব নোৱাৰি। কিন্তু এই জোৱানজনে যেন কিছু হ’লেও সলনি কৰি দিলে সেই স্থায়ী ‘বেয়াপোৱা’ক।

তেওঁৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁৱাই ছ’চিয়েল মিডিয়া য়ুজাৰে হৃদয় চুই যোৱা ভিডিঅ’টো ব্যাপক হাৰত শ্বেয়াৰ কৰা দেখা গৈছে।

Related News