NORTHEAST NOW (Assamese)
অসম

ওড়িশাত আবদ্ধ অসমৰ মেধাৱী ছাত্ৰ; ‘ফেনি’ৰ পিছৰে পৰা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন

Posted by: এন ই নাও নিউজ May 6, 2019 8:39 am

ওড়িশাত হোৱা ঘূৰ্ণী বতাহ ‘ফেনি’ৰ বাবে আবদ্ধ হৈ আছে মঙলদৈ দৰঙৰ এজন মেধাৱী ছাত্ৰ। প্ৰিয়াংকু চহৰীয়া নামৰ মেধাৱী ছাত্ৰজন মঙলদৈৰ চপাইৰ নিৱাসী বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে মেধাৱী ছাত্ৰ চহৰীয়া ১ মে’ত ভূৱনেশ্বৰৰ আই আই টিত প্ৰৱেশ পৰীক্ষা দিয়াৰ উদ্দেশ্যে গৈছিল। পিছত বিমান বাতিল হোৱাৰ বাবে হোটেলত থাকিব লগীয়া হৈছিল ছাত্ৰজন।

কিন্তু ইয়াৰ পিছৰে পৰা পৰিয়ালৰ লোকৰ সৈতে ছাত্ৰজনৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে। ফলত ছাত্ৰজনৰ পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। পৰিয়ালৰ লোকৰ মতে ছাত্ৰজন ওড়িশাৰ ভূৱনেশ্বৰৰ জগমোহন নামৰ এখন হোটেলত আবদ্ধ হৈ আছে।

পৰিয়ালৰ লোকে অসম চৰকাৰক ছাত্ৰজনক উদ্ধাৰ কৰি আনিবৰ বাবে আহ্বান জনাইছে।