NORTHEAST NOW (Assamese)

অশান্ত ম্যানমাৰৰ বৌদ্ধ মন্দিৰত তিনিজন বৌদ্ধ ভিক্ষুসহ ২২ জন লোকক গুলীয়াই হত্যা

March 18, 2023 10:35 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰিহীত।

যোৱা সপ্তাহত ম্যানমাৰত তিনিজন বৌদ্ধ ভিক্ষুসহ কমেও ২২ জন লোকক গুলীয়াই হত্যা কৰা হৈছিল। সামৰিক শাসনৰ বিৰোধীসকলে হত্যাৰ বাবে সামৰিক বাহিনীক দোষাৰোপ কৰিছে। শনিবাৰে এই ঘটনাৰ খৱৰ পোহৰলৈ আহিছে।

ম্যানমাৰৰ সামৰিক জুন্টাৰ এজন মুখপাত্ৰই কয় যে দেশখনৰ দক্ষিণ শান ৰাজ্যৰ পিনলাউং অঞ্চলত বিদ্ৰোহীসকলৰ সৈতে সামৰিক বাহিনীৰ সংঘৰ্ষ হৈছিল। মুখপাত্ৰ জাও মিন টুনে অৱশ্যে এই সংঘৰ্ষত কোনো অসামৰিক লোকৰ হতাহত হোৱাৰ কথা অস্বীকাৰ কৰিছে।

লগতে পঢ়ক: চীনৰ সীমান্ত আন্তঃগাঁথনি উন্নয়ন দ্ৰুত গতিত অব্যাহত আছে: জেনেৰেল মনোজ পাণ্ডে

এক বিবৃতিত টুনে দাবী কৰিছে যে জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰিবলৈ সেনা উপস্থিত হোৱাৰ পিছত নান নিয়ান্ট গাঁৱত কাৰেন্নি নেচনেলিটিজ ডিফেন্স ফ’ৰ্চ (কেএনডিএফ) আৰু আন এটা বিদ্ৰোহী গোটৰ সদস্যসকলে আক্ৰমণ কৰে। তেওঁ কয় যে “যেতিয়া সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীবৰ্ষণ আৰম্ভ কৰিছিল তেতিয়া কিছুমান গাওঁবাসী নিহত হোৱাৰ লগেত আন বহুলোক আহত হৈছিল।”

ইপিনে, কেএনডিএফৰ এজন মুখপাত্ৰই কয় যে ইয়াৰ যোদ্ধাসকলে দেওবাৰে নান নিয়ান্ট গাঁৱত প্ৰৱেশ কৰিছিল আৰু এটা বৌদ্ধ মন্দিৰত মৃতদেহবোৰ সিঁচৰতি হৈ থকা দেখিছিল।

কেএনডিএফ আৰু আন এটা বিদ্ৰোহী গোট কাৰেনি ৰিভলিউচন ইউনিয়নে কিছুমান ভিডিঅ’ আৰু ছবি মুকলি কৰিছে। তাত মৃতদেববোৰৰ শৰীৰ আৰু মূৰত গুলীৰ চিহ্নৰ লগতে মন্দিৰৰ দেৱালতো গুলীৰ চিহ্ন দেখা গৈছে।

লগতে পঢ়ক:সতীয়া কন্যাক যৌন নিৰ্যাতন চলোৱা ৰাজ্যৰ এজন লোকক ২৫ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

বাতৰিসমূহৰ মতে কোনো পক্ষৰে দাবী নিৰপেক্ষভাৱে প্ৰমাণিত কৰিব পৰা হোৱা নাই।

ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ হিচাপে পৰিচিত ম্যানমাৰৰ জুন্টা চৰকাৰৰ বিৰোধিতা কৰা ছায়া চৰকাৰৰ সদস্য ড০ য়ে জাৱে মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। তেওঁ সদৰী কৰা তথ্যমতে লোকসকলক অতি ওচৰৰ পৰা ছেমি অটোমেটিক অস্ত্ৰৰে গুলীয়াই হত্যা কৰা হৈছে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে “মৃতদেহবোৰৰ ওচৰত কোনো সামৰিক পোছাক, অস্ত্ৰ বা গুলী পোৱা নগ’ল। গতিকে, এইটো ধৰি ল’ব পাৰি যে তেওঁলোক অসামৰিক লোক।”

প্ৰতিবেদনত কোৱা হৈছে যে মৃতসকলৰ তিনিজনে বৌদ্ধ ভিক্ষুসকলৰ গেৰুৱা পোছাক পিন্ধিছিল। প্ৰতিবেদনখনে লগতে কোৱা হৈছে “যিহেতু নান নিন মন্দিৰৰ চৌহদৰ ভিতৰত সকলো মৃতদেহ পোৱা গৈছিল, সেয়েহে এইটো এটা নিৰ্বিচাৰ হত্যাকাণ্ড বুলি ধৰি ল’ব পাৰি।”

লগতে পঢ়ক:ট্ৰ’লৰ সন্মুখীন দেশৰ মুখ্য ন্যায়াধীশ! ক্ষিপ্ৰ পদক্ষেপ বিচাৰি ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখিলে বিৰোধীয়ে

ৰাষ্ট্ৰীয় ঐক্য চৰকাৰৰ মানৱ অধিকাৰ মন্ত্ৰী অং মিঅ মিনে কয় যে সামৰিক জুন্টাই যোৱা দুসপ্তাহত নিৰস্ত্ৰ নাগৰিকসকলৰ ওপৰত এনেধৰণৰ কমেও চাৰিটা আক্ৰমণ চলাইছিল। তেওঁ এখন অনলাইন সংবাদ সন্মিলনত কয়, “এয়া স্পষ্ট যে জুন্টাই অসামৰিক লোকসকলক লক্ষ্য কৰি লৈছে, যিটো মানৱতাৰ বিৰুদ্ধে অপৰাধ।”

অৱশ্যে, জুন্টা চৰকাৰে সাধাৰণ লোকৰ ওপৰত আক্ৰমণৰ অভিযোগ অস্বীকাৰ কৰে আৰু এই অভিযানক “সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান” বুলি অভিহিত কৰে।

লগতে পঢ়ক: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী; কি প্ৰতিক্ৰিয়া মস্কোৰ?

ৰাষ্ট্ৰসংঘই ম্যানমাৰৰ সামৰিক বাহিনীৰ বিৰুদ্ধে যুদ্ধ অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰিছে।

Related News