NORTHEAST NOW (Assamese)

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি প্ৰাসাদ আৰু উচ্চতম ন্যায়ালয়ত তাণ্ডৱ চলোৱা ৪০০ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ

January 9, 2023 11:36 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগৃহীত।

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বোলসোনাৰোৰ সমৰ্থকসকলে কংগ্ৰেছ ভৱন, ৰাষ্ট্ৰপতিৰ প্ৰাসাদ আৰু উচ্চতম ন্যায়ালয়ত আক্ৰমণ কৰি লণ্ডভণ্ড কৰিছে।

বাতৰি অনুসৰি, আইন শৃংখলাৰক্ষাকাৰী বাহিনীসমূহে প্ৰতিবাদকাৰীসকলক আঁতৰাই পঠিয়াই এই গুৰুত্বপূৰ্ণ চৰকাৰী ভৱনসমূহৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিছে। এই ঘটনা সন্দৰ্ভত কমেও ৪০০ জন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: বৃহৎ অঘটন! ব্ৰাজিলৰ কংগ্ৰেছ ভৱন, ৰাষ্ট্ৰপতি প্ৰাসাদত বোলসোনাৰোৰ সমৰ্থকৰ আক্ৰমণ

ব্ৰাজিলৰ ফেডাৰেল জিলাৰ গভৰ্ণৰ ইবানচ ৰোচাই এটা টুইটযোগে কয় যে গ্ৰেপ্তাৰ কৰা সকলক তেওঁলোকে কৰা অপৰাধৰ বাবে শাস্তি বিহা হ’ব।

ৰাজ্যপাল ৰোচাই লিখিছে, “আমি সন্ত্ৰাসমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰা সকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছো। আমি শৃংখলা পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছো।‘’

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ফ্ৰান্স, চীন আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিবে এই ঘটনাক গৰিহণা দিছে।

যোৱা অক্টোবৰৰ নিৰ্বাচনত বোলসোনাৰো বাওঁপন্থী লুলা দা চিলভাৰ হাতত পৰাজিত হৈছিল। অৱশ্যে, তেওঁৰ সমৰ্থকসকলে পৰাজয়টো মানি ল’ব পৰা নাই। লুলা দা চিলভাই এসপ্তাহ পূৰ্বে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল।

বোলসোনাৰো বৰ্তমান ফ্লৰিডাত আছে। লুলাই শপত লোৱাৰ ৪৮ ঘণ্টা পূৰ্বে তেওঁ আমেৰিকালৈ ৰাওনা হৈছিল। ৰাষ্ট্ৰপতি লুলাই অভিযোগ কৰিছে যে আক্ৰমণটোত  তেওঁ ইন্ধন যোগাইছে। কিন্তু তেওঁ ইয়াক অস্বীকাৰ কৰিছে। বোলসোনাৰোৱে এটা টুইটযোগে এই হিংসাত্মক প্ৰতিবাদক গৰিহণা দিছে।

Related News