NORTHEAST NOW (Assamese)
অসম

দিশপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট হেক; চাইবাৰ চোৰে লুটি নিলে ৭৫ লাখতকৈয়ো অধিক টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 5, 2022 5:18 pm
দিশপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট হেক; চাইবাৰ চোৰে লুটি নিলে ৭৫ লাখতকৈয়ো অধিক টকা

মহানগৰীৰ দিশপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট হেক কৰিছে চাইবাৰ অপৰাধীয়ে।

চাইবাৰ চোৰে গুৱাহাটীৰ দিশপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টৰ পৰা ৭৫ লাখতকৈয়ো অধিক টকা চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দিশপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টটো গুৱাহাটীৰ বেংক অফ বৰোদা শাখাত আছে।

বাতৰি অনুসৰি এই চাইবাৰ চুৰি যোৱা ২ মে’ত সংঘটিত হৈছিল।

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত চিপিআইৰ ধৰ্ণা-বিক্ষোভ প্ৰদৰ্শন

মহাবিদ্যালয় কৰ্তৃপক্ষই চাইবাৰ চুৰিৰ অভিযোগৰ সন্দৰ্ভত গুৱাহাটীৰ দিশপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

এতিয়ালৈকে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।