NORTHEAST NOW (Assamese)

বৰাকত অসমীয়া ভাষাক অপমান: প্ৰতিবাদত সেওঁ মানি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনক

October 20, 2021 8:31 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: October 20, 2021 3:17 pm

অসমীয়া জাতিসত্বাৰ ওপৰত কুঠাৰাঘাত কৰি দেওবাৰে বৰাক উপত্যকাৰ শিলচৰত জল জীৱন মিছনৰ এখন হ’ৰ্ডিঙত লিখা অসমীয়া ভাষাত ক’লা ৰং সনা কাৰ্যই ৰাজ্য জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট আৰু বঙালী যুৱ যুৱ ছাত্ৰ সংস্থা নামৰ দুটা অখ্যাত বঙালী সংগঠনৰ কৰ্মীয়ে অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সনাৰ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে যোৱা নিশা এই ঘটনাৰে জৰিত দুজন লোকক কাচাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে ক্ৰমে সমৰ দাস আৰু ৰাজু দেৱ।

ইপিনে বৰাক তথা ব্ৰহ্মপুত্ৰ উপত্যকাত যুগ যুগ ধৰি মিলপ্ৰীতিৰে বাস কৰি অহা অসমীয়া আৰু বঙালী লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰাৰ বাবে প্ৰায়ে চেষ্টা চলাই অহা বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট নামৰ সংগঠনটোৰ নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰৰ দাবীও তীব্ৰ হৈ উঠিছে।

কালি কাচাৰৰ আৰক্ষী অধীক্ষকে প্ৰদীপ দত্ত ৰয়ক থানালৈ মাতি নি তি ঘণ্টা জুৰি জেৰা কৰিছিল।

Latesh News: বজাৰে বজাৰে ঘূৰিছে যোগানমন্ত্ৰী ৰঞ্জিত দাসে, মূল্যবৃদ্ধিৰ ভূ ল’বলৈ নহয়,তেন্তে কিয়?

আৰক্ষীৰ জেৰাৰ পিছতো প্ৰদীপ দত্ত ৰয়ে টেলিভিছন চেনেলৰ অনুষ্ঠানত অসমীয়া আৰু বঙালীৰ মাজত উত্তেজনা সৃষ্টিকাৰী মন্তব্য কৰিয়েই থকা পৰিলক্ষিত হৈছে।

বৰাক উপত্যকাৰ এইগৰাকী প্ৰতিক্ৰিয়াশীল নেতাক সেয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি জোৰদাৰ দাবী উত্থাপন হৈছে।

কালি তিতাবৰত বীৰ লাচিত সেনা তিতাবৰ আঞ্চলিক সমিতিয়ে অসমীয়া ভাষাক অপমান কৰাটো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি হুংকাৰ প্ৰদান কৰি এই দুষ্কাৰ্যৰ লগত জড়িত বৰাকৰ বঙালী সংগঠনটোৰ সদস্য সকলৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

কেৱল তিতাবৰতে নহয়, সমগ্ৰ অসমতে এতিয়া অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সনা কাৰ্যৰ বিৰুদ্ধে ৰাইজ জাগ্ৰত হৈ উঠিছে।

আনকি বঙালী সম্প্ৰদায়ৰ বহু লোকেও ৰাজ্য ভাষাৰ ওপৰত চলা এনে অত্যাচাৰক কঠোৰ ভাষাৰে গৰিহণা দোষীক গ্ৰেপ্তাৰৰ দাবী তুলিছে।

Related News