NORTHEAST NOW (Assamese)

তীব্র গৰমত চেঁচা পানীৰে স্নান কৰিলে হ’ব পাৰে ভয়ংকৰ বিপদ

April 29, 2026 6:45 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:42 am

প্ৰচণ্ড গৰমত দহিবলগীয়া হোৱা দিনবোৰত বৰফৰ দৰে ঠাণ্ডা পানীৰে গা ধোৱাৰ কথা ভাবিলেই মনলৈ এক অদ্ভুত শান্তি আহে। শৰীৰত ঠাণ্ডা পানী পৰাৰ লগে লগে এনে লাগে যেন গৰম নিমিষতে নোহোৱা হৈ গ’ল। কিন্তু এই আৰাম বেছি সময় নিটিকে। বৰঞ্চ আমাৰ অজ্ঞাতে শৰীৰৰ ভিতৰত এক বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, যিয়ে গৰম কমোৱাৰ পৰিৱৰ্তে কেতিয়াবা বৃদ্ধিহে কৰি দিয়ে। ঊৰ্ধ্বমুখী তাপমাত্ৰা চম্ভালিবলৈ শৰীৰে যেতিয়া অহৰহ কাম কৰি থাকে, সেই সময়ত আমি যিয়েই নকৰো কিয়, সেয়া যাতে শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়াক সহায় কৰে তালৈ লক্ষ্য ৰখা উচিত।

ঠাণ্ডা পানীৰে স্নান কৰিলে মুহূৰ্তৰ বাবে শৰীৰত স্বস্তি আহে যদিও হঠাৎ তাপমাত্ৰা কমি গলে শৰীৰত এক বিশেষ প্ৰতিক্ৰিয়া হয়। ইয়াৰ ফলত তেজ কঢ়িওৱা নলীসমূহ সংকুচিত হৈ পৰে, যাক বিজ্ঞানৰ ভাষাত ভ্যাসোকনস্ট্ৰিকচন বুলি কোৱা হয়। ইয়াৰ ফলত ছালৰ ফালে তেজৰ প্ৰবাহ কমি যায় আৰু শৰীৰৰ ভিতৰত থকা তাপ বাহিৰলৈ ওলাই আহিব নোৱাৰে। অৰ্থাৎ বাহিৰত ঠাণ্ডা অনুভৱ হলেও শৰীৰৰ ভিতৰত তাপ আৱদ্ধ হৈ থাকে, যাৰ ফলত কিছু সময়ৰ পিছতে পুনৰ অধিক গৰম লাগিবলৈ ধৰে।

তাপপ্ৰবাহৰ সময়ত আমাৰ শৰীৰ আগতেই ভাগৰুৱা হৈ থাকে আৰু নিজৰ তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ ব্যস্ত থাকে। এই অৱস্থাত হঠাত বৰফৰ দৰে ঠাণ্ডা পানীৰ সংস্পৰ্শলৈ আহিলে মূৰ ঘূৰোৱা বা দুৰ্বল লগাৰ দৰে সমস্যাই দেখা দিব পাৰে। ইয়াৰ উপৰি হৃদস্পন্দন বৃদ্ধি পোৱা, হঠাত ৰক্তচাপৰ পৰিৱৰ্তন হোৱা আৰু শৰীৰৰ স্বাভাৱিক শীতলীকৰণ প্ৰক্ৰিয়া ব্যাহত হোৱাৰ দৰে বিপদো ঘটিব পাৰে। গুৰুতৰ ক্ষেত্ৰত ই হিটষ্ট্ৰোকৰ আশংকাও বৃদ্ধি কৰে। বিশেষকৈ বৃদ্ধ লোক, শিশু, হৃদৰোগী বা উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে এনে হঠাত ঠাণ্ডা পানী অতিশয় বিপদজনক হ’ব পাৰে।

গতিকে গৰমৰ পৰা আৰাম পাবলৈ বিশেষজ্ঞসকলে বৰফ ঠাণ্ডা পানীৰ পৰিৱৰ্তে অলপ কুহুমীয়া বা অতি সামান্য ঠাণ্ডা পানীৰে স্নান কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ ফলত শৰীৰে লাহে লাহে তাপ এৰি দিব পাৰে আৰু তেজৰ নলীসমূহো স্বাভাৱিক হৈ থাকে, যাৰ ফলত শীতলতা বহুত সময়লৈ স্থায়ী হয়। গৰমত সুস্থ থাকিবলৈ বেছিকৈ পানী খোৱা, কপাহী পাতল কাপোৰ পিন্ধা আৰু দুপৰীয়াৰ ৰদ এৰাই চলাটো অতি প্ৰয়োজনীয়। আমাৰ শৰীৰে থাৰ্মোৰেগুলেচন প্ৰক্ৰিয়াৰ জৰিয়তে তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু লাহে লাহে ঠাণ্ডা হোৱা প্ৰক্ৰিয়াইহে শৰীৰক প্ৰকৃত সহায় কৰে। গতিকে গৰমত যিমানে ঠাণ্ডা সিমানে ভাল, এই ধাৰণা সদায় শুদ্ধ নহয়। সঠিক পদ্ধতি মানি চলিলেহে তাপপ্ৰবাহৰ মাজতো আপুনি সুৰক্ষিত আৰু স্বস্তিত থাকিব পাৰিব।

Related News