NORTHEAST NOW (Assamese)

২৪ অক্টোবৰত স্পষ্ট হৈ পৰিব ধোনীৰ ক্ৰিকেট কেৰিয়াৰৰ ভৱিষ্যৎ

October 17, 2019 11:43 am · এন ই নাও নিউজ
মহেন্দ্ৰ সিং ধোনী। উৎস-ইণ্টাৰনেট

ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ কেৰিয়াৰ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ নিৰ্বাচক মণ্ডলীৰ পৰিকল্পনা কি সেই বিষয়ে জানিবলৈ অতি শীঘ্ৰে আলোচনাত বহিব বি চি চি আইৰ নৱ নিৰ্বাচিত অধ্যক্ষ সৌৰভ গাংগুলী।

উল্লেখ্য যে ইংলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ পিছৰে পৰা ভাৰতীয় দলৰ পৰা বাহিৰ হৈ আছে মহেন্দ্ৰ সিং ধোনী। তদুপৰি অহা নবেম্বৰৰ আৰম্ভণিতে বাংলাদেশৰ বিৰুদ্ধে হ’ব লগীয়া তিনিখনীয়া টি-২০ ছিৰিজটো তেওঁ দলত স্থান নোপোৱাৰ সম্ভাৱনাই বেছি।

ধোনীয়ে এই পৰ্যন্ত বগা বলৰ ক্ৰিকেট এৰাৰ কথা সদৰী কৰা নাই যদিও নিৰ্বাচকে ২০২০ত হ’ব লগীয়া টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখিহে দল গঠনৰ প্ৰক্ৰিয়াত আগবাঢ়িছে।

‘২৪ অক্টোবৰৰ দিনা নিৰ্বাচক মণ্ডলীৰ সৈতে কথা বতৰা পাতিম আৰু তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। তাৰ পিছত মই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিম’। গাংগুলীয়ে কলকাতাৰ ইডেন গাৰ্ডেনত আয়োজিত সংবাদমেলত এই মন্তব্য কৰে।

ইয়াৰ উপৰি গাংগুলীয়ে ধোনীৰ সৈতেও কথা পাতিব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে অহা ২৩ অক্টোবৰত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ অধ্যক্ষ ৰূপে দায়িত্ব ল’ব ‘প্ৰিন্স অব কলকাতা’ৰূপে খ্যাত সৌৰভ গাংগুলীয়ে।

সৰ্বসন্মতি ক্ৰমে বৰ্ডৰ অধ্যক্ষ নিৰ্বাচিত হোৱা গাংগুলীয়ে ভাৰতীয় ক্ৰিকেটৰ উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন উল্লেখণীয় পদক্ষেপ ল’ব বুলি প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে বহু বিশেষজ্ঞই ধাৰণা কৰিছে।

Related News