NORTHEAST NOW (Assamese)

লকডাউনৰ সময়তে চাকৰি লাভ কৰিলে ৪৩ জন ভিক্ষাৰীয়ে, মাহিলী লাভ কৰিব ৩ হাজাৰকৈ, ক’ত?

May 2, 2021 11:56 am · এন ই নাও নিউজ

কৰোণা ভাইৰাচৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিভিন্ন দেশে লকডাউনৰ দৰে কঠোৰ ব্যৱস্থা বলৱৎ কৰিব লগা হৈছে।

ইয়াৰ ফলত লাখ লাখ লোকে জীৱিকা হেৰুৱাইছে।

এই সময়ছোৱাত নতুন চাকৰি-সংস্থাপনৰো সম্ভাৱনা কম।

ফলত আৰ্থিক অনাটনৰ সম্মুখিন হ’ব লগা হৈছে।

কিন্তু তাৰ মাজতে চাকৰি লাভ কৰিলে ৪৩জন লোকে।

লোককেইজন আপোনাৰ মোৰ দৰে সাধাৰণ লোকো নহয়, তেওঁলোক ভিক্ষাৰী!

হয়, লকডাউনৰ সময়ছোৱাত চাকৰি লাভ কৰিলে ৪৩ জন ভিক্ষাৰীয়ে।

বাংলাদেশৰ গোপালগঞ্জ জিলাৰ কোটালিপাড়া উপজিলাত এটা পেকেজিং ফেক্টৰিত নিয়োগ কৰা হৈছে এওঁলোকক।

উল্লেখযোগ্য যে এই অঞ্চলটো বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্মস্থান।

উল্লেখযোগ্য যে, যোৱা ডিচেম্বৰ মাহৰ পৰা অঞ্চলটোত প্ৰশাসনৰ উদ্যোগত এক পেকেজিং ফেক্টৰীৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।

এপ্ৰিল মাহৰ আৰম্ভণিতে ‘অৱলম্বন’ নামৰ এই নিৰ্মাণ কাৰ্য শেষ হয়।

এই ‘অৱলম্বন’ পেকেজিং ফেক্টৰী নিৰ্মাণ কৰা হৈছে অঞ্চলটোৰ ভিক্ষাবৃত্তিত জড়িত লোকসকলৰ সংস্থাপনৰ বাবে।

অঞ্চলবাসীয়ে এই কাগজৰ পেকেটৰ উদ্যোগক স্বাগতম জনাইছে।

প্ৰশাসনৰ তৰফৰ পৰা ভিক্ষাৰীসকলক নিয়োগপত্ৰ প্ৰদান কৰা হয়।

ভিক্ষাৰীসকলক প্ৰতিমাহে ৩ হাজাৰ টকা দৰমহা প্ৰদান কৰা হ’ব।

তদুপৰি ফেক্টৰীত উৎপাদিত কাগজৰ পেকেট বিক্ৰীৰ লাভাংশৰ এটা অংশ তেওঁলোকে লাভ কৰে।

ভিক্ষাৰীসকলে প্ৰশাসনৰ এই উদ্যোগক লৈ সুখপ্ৰকাশ কৰিছে।

তেওঁলোকে কৈছে ভিক্ষাবৃ্ত্তিত কোনো সন্মান নাই, এতিয়া ইয়াত চাকৰি কৰি সন্মানসহকাৰে তেওঁলোক বাস কৰিব পাৰিব।

Related News