NORTHEAST NOW (Assamese)

এদিনতে কৰোনা সংক্ৰমিত ২৭ হাজাৰ! উদ্বিগ্ন চৰকাৰে দিছে গৃহবন্দী থকাৰ নিৰ্দেশ

November 22, 2022 10:24 am · এন ই নাও নিউজ, গুৱাহাটী

COVID cases hit China চীনক এৰি দিয়া নাই কৰোনাই। চীনত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। দেওবাৰে চীনত ২৬ হাজাৰ ৮২৪ জন নতুন কৰোনা ৰোগী চিনাক্ত কৰা হৈছিল! এপ্ৰিলত তাত কৰোনা সংক্ৰমণৰ দৈনিক আক্ৰান্ত শীৰ্ষত উপনীত হোৱাৰ দৰেই এই নতুন ৰোগীৰ আক্ৰান্তৰ সংখ্যাও সেই স্তৰলৈ বৃদ্ধি পাইছে!

বাতৰি অনুসৰি, বেইজিঙত দুজন লোকৰ মৃত্যু হৈছে। বেইজিঙৰ বিষয়াসকলে সোমবাৰৰ পৰা সৰ্বাধিক সংখ্যক কৰোনাভাইৰাছৰ ঘটনা ধৰা পৰা অঞ্চলসমূহৰ বাসিন্দাসকলক ঘৰত থাকিবলৈ নিৰ্দেশ দিছে। এনে আদেশৰ পিছত বেইজিঙৰ বহুতো বিদ্যালয়ে পুনৰ অনলাইন শ্ৰেণী আৰম্ভ কৰিছে।

লগতে পঢ়ক: হিজাব বিৰোধী প্ৰতিবাদক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ দুই প্ৰসিদ্ধ ইৰাণী অভিনেত্ৰী

চীনত কৰোনা-সংক্ৰমণ ক্ষিপ্ৰতাৰে বাঢ়ি আহিছে। শীতকালৰ আৰম্ভণিতে কৰোনাৰ ছবিখনে তাত ক্ৰমান্বয়ে ব্যাপক ৰূপ লৈছে। নতুন লকডাউনৰ শংকাও আহি পৰিছে। চীনৰ কিছুমান প্ৰদেশত লকডাউন ঘোষণাও কৰা হৈছে। চীনে ইয়াৰ আগেয়ে এদিনত প্ৰায় ১৫ হাজাৰ কৰোনাভাইৰাছ আক্ৰান্ত প্ৰতিবেদন দিছিল।

ইয়াৰ পূৰ্বে, কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে জি জিনপিঙৰ দেশখনে দক্ষিণ চীনৰ গুয়াংঝৌ প্ৰদেশত লকডাউন ঘোষণা কৰিছিল। গুয়াংঝৌ প্ৰদেশক চীনৰ উৎপাদন কেন্দ্ৰ বুলি কোৱা হয়। পুনৰ লকডাউনৰ বাবে তাত উৎপাদন অস্থায়ীভাৱে বন্ধ কৰা হৈছে। ফলস্বৰূপে চীনৰ উত্থানৰত অৰ্থনীতি পুনৰ ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা কৰা হৈছে।

গুয়াংঝৌৰ বিষয়াসকলে স্থানীয় বাসিন্দাসকলক তেওঁলোকৰ ঘৰ এৰিবলৈ নিষেধ কৰিছিল। গাড়ীসমূহৰ চলাচল বন্ধ কৰি দিয়া হৈছে। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে।

লগতে পঢ়ক:FIFA World Cup 2022: দুৰ্দান্ত যুঁজ দিও পৰাজিত ছেনেগাল; কোডি গাকপো, ক্লাচেনৰ গোলেৰে নেডাৰলেণ্ডৰ ৰোমাঞ্চকৰ জয়

শেহতীয়াকৈ কৰোনা সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস হোৱাৰ বাবে আৰু মৃত্যুৰ সংখ্যাও প্ৰায় শূন্য হৈ পৰাৰ পিছত পৃথিৱীৰ সকলো দেশে কোভিড নিয়ম শিথিল কৰিছে যদিও চীনে তেওঁলোকৰ সিদ্ধান্তত অটল হৈ আছে। তেওঁলোকে কোনো কাৰণতে কোভিড নিয়ম শিথিল কৰিবলৈ সন্মত হোৱা নাই।

Related News