NORTHEAST NOW (Assamese)

কথমপি ৰক্ষা! পুলৱামা কাণ্ডৰ বৰ্ষপূৰ্তিৰ দিনাই জম্মুৰ বাছ আস্থানত উদ্ধাৰ ৭ কিলোগ্ৰাম ওজনৰ বোমা

February 14, 2021 5:10 pm · এন ই নাও নিউজ

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা কাশ্মীৰৰ পুলৱামাত পাক সন্ত্ৰাসবাদীয়ে  বিস্ফোৰণ ঘটাই ৪৪ জন চিআৰপিএফৰ জোৱানক হত্যা কৰাৰ বৰ্ষপূৰ্তিৰ দিনটোতে আজি এক ভয়ংকৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰিল কাশ্মীৰ।

কাশ্মীৰৰ জম্মু বাছ আস্থানত আজি নিৰাপত্তা বাহিনীয়ে এটা শক্তিশালী বোমা উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য বিয়পি পৰে।

কাশ্মীৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে কিছুদিন পূৰ্বে কাশ্মীৰৰ কুঞ্জৱানী আৰু বাৰি ব্ৰাহমানা অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুজন সন্ত্ৰাসবাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি পুৱা নিৰাপত্তা বাহিনীয়ে জম্মু বাছ আস্থানত অভিয়ান চলাই বোমাটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বোমাটোৰ ওজন ৭ কিলোগ্ৰাম বুলি  আৰক্ষীয়ে প্ৰকাশ কৰিছে।

বোমাটো বিস্ফোৰণ ঘটিলে কল্পনাতীত ক্ষতি হ’লহেঁতেন বুলি আৰক্ষীয়ে আশংকা ব্যক্ত কৰিছে।

উল্লেখ্য কাশ্মীৰত তিনিজনকৈ বিজেপি নেতাক হত্যা কৰা সন্ত্ৰাসবাদী জহৰ আহমেদক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে সন্ত্ৰাসবাদী জনৰ মুখৰ পৰা বহু বিস্ফোৰক তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে।

Related News