বনজ সম্পদৰ লুণ্ঠন; ওদালগুৰিত বন বিষয়াৰ সহযোগত বিজেপি কৰ্মীৰ চোৰাং কাৰবাৰ
SSB আটক কৰা চোৰাং কাঠৰ ব্যৱসায়ত জড়িত তিনি বিজেপি নেতা। ফটো: নৰ্থইষ্ট নাও।
ওদালগুৰিত কাঠচোৰৰ অভিযোগত তিনিজন বিজেপি নেতাক SSBয়ে আটক কৰি গতাই দিলে বন বিভাগক।
ভাৰত ভূটান সীমান্তৰ ননৈ বনাঞ্চল পৰা টেক্টৰত চোৰাং কাঠ কঢ়িয়াই অনা অৱস্থাত হাতেলোটে SSB য়ে আটক কৰে এই তিনিজন বিজেপি নেতাক।
বিটিআৰৰ পৰিষদীয় সমষ্টি নোনাই চেৰফাঙৰ ননাই খুটি ভিচিডিৰ সভাপতি মঞ্জয় বাগ, উপসভাপতি সঞ্জয় মিশ্ৰ আৰু ননাই মণ্ডল বিজেপিৰ সদস্য অবিনাশ চোনাক আটক কৰে।
Also Read:চাকৰি মেলা পাতি নিবনুৱাক অপমান! চৰকাৰৰ সৌজন্যত যুৱক-যুৱতীক এয়া কি উপহাৰ?
ননাই ৰেঞ্জৰ ৰেঞ্জাৰ নীলকমল শইকীয়াই একাংশ ৰাজনৈতিক নেতা-পালিনেতাৰ লগত মিলি ননৈ বনাঞ্চলত দীৰ্ঘদিন ধৰি এই দৰে চোৰাংকৈ কাঠৰ ব্যৱসায় চলাই আহিছিল।
কিন্তু এইবাৰ SSBয়ে মূখা খুলিলে ওদালগুৰি বনবিভাগৰ ৰেঞ্জাৰ নীলকমল শইকীয়াৰ।
ইপিনে, এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া বিচৰাত সাংবাদিকক নীতিশিক্ষা দি কেমেৰাৰ পৰা দৌৰি পলায়নহে কৰে ৰেঞ্জাৰ শইকীয়াই।