NORTHEAST NOW (Assamese)

গুৱাহাটী মহানগৰীত কোঠাৰ ভিতৰত গলিত অৱস্থাত মৃতদেহ উদ্ধাৰ

July 11, 2022 4:54 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী
নিহত দিপাংকৰ শইকীয়া

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত সাৰথি পথৰ এটা ঘৰৰ কোঠাত আজি গলিত অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ।

মৃতদেহটো ২৮ বছৰীয়া দিপাংকৰ শইকীয়া নামৰ এজন যুৱকৰ বুলি চিনাক্ত কৰা হৈছে।

মৃতদেহটো গলিত অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কিছুদিন পুৰণি বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। লগতে প্রাথমিক তদন্তত এয়া আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

বৈদ্যুতিক তাঁৰ মৃতদেহটোত লাগি থকাৰ অৱস্থাত পোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে।

মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ VLCC পাৰ্লাৰত কৰ্মৰত যুৱকজনৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে।

Related News