NORTHEAST NOW (Assamese)

এটি শিশুৰ সৈতে এগৰাকী মাতৃৰ মৃতদেহ উদ্ধাৰ মংগলদৈৰ ৰামহাৰীত

March 11, 2020 7:40 am · ময়ুখ গোস্বামী
Updated: March 11, 2020 9:06 am
শিশুটিৰ সৈতে উদ্ধাৰ হোৱা মহিলাগৰাকী মৃতদেহটো, ফ'টো- ময়ুখ গোস্বামী

মংগলদৈৰ ৰামহাৰীত এটি শিশুৰ সৈতে এগৰাকী মাতৃৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই গোটেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী মতে মংগলদৈৰ ৰামহাৰীৰ বান্দিয়া চাপৰিৰ গেজিঙত উদ্ধাৰ হৈছে মৃত মহিলাগৰাকী মৃতদেহ।

ইতিমধ্যে পৰিয়ালৰ লোকে মৃতদেহটো বাঘপুৰী চাপিৰৰ মাইনুল আলীৰ কন্যা আৰু জাব্বৰ আলীৰ  পুত্ৰ ফইনুদ্দিন মণ্ডল(২৭)ৰ পত্নী আচফুলি খাতুন(২২) বুলি চিনাক্ত কৰা হৈছে।

শিশুটি এতিয়ীও জীৱিত অৱস্থাত আছে আৰু মংগলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা চলায় থকা হৈছে।

মংলগদৈ আৰক্ষীয়ে এয়া এক হত্যাকাণ্ড বুলি  সন্দেহ কৰিছে।মৃতদেহটোৰ ডিঙিত অঘাতৰ চিহ্ন স্পষ্ট হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইফালে মৃত আচফুলি খাতুনৰ মাতৃয়ে জোৱায়েক তথা আচফুলি খাতুনৰ স্বামী ফইনুদ্দিন মণ্ডলে চলাই অহা নিৰ্যাতন আৰু উৎপীড়নেই কন্যাৰ মৃত্যুৰ বাবে দায়ী বুলি সংবাদ মাধ্যমৰ লোকক জানিবলৈ দিছে।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মংগলদৈ অসামৰিক চিকিৎসালয়লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ইতিমধ্যে মংগলদৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Related News