NORTHEAST NOW (Assamese)

“জয়মতী” আইদেউ সন্দিকৈৰ স্মৃতিত সাংস্কৃতিক কেন্দ্ৰ হ’ব বোকাখাতত

June 28, 2020 8:49 pm · উত্তম শইকীয়া
Updated: June 28, 2020 8:50 pm

প্ৰথম অসমীয়া বোলছবি “জয়মতী”ৰ নামভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ স্মৃতিত বোকাখাত নগৰৰ মাজমজিয়াত এক সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ হ’ব৷

সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ অৰ্থ সাহায্যৰে চলিত বৰ্ষতে নিৰ্মাণকাৰ্য আৰম্ভ হ’ব এই প্ৰকল্পৰ৷

বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই দেওবাৰে কমাৰগাঁৱৰ পানীদিহিঙীয়াত থকা শিল্পী আইদেউ সন্দিকৈৰ সাংস্কৃতিক সংগ্ৰহালয়ত উপস্থিত হৈ এইদৰে কয়৷

তেওঁ জনাই যে চলিত বৰ্ষতে আইদেউ সন্দিকৈৰ স্মৃতিত নিৰ্মাণ কৰিব লগা সাংস্কৃতিক কেন্দ্ৰৰ বাবে এক কোটি টকা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ পুঁজিৰ পৰা পোৱা হ’ব।

প্ৰথম পৰ্যায়ত লাভ কৰা ৫০ লাখ টকাৰে অচিৰেই বোকাখাতত এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি অতুল বৰাই সাংবাদিকক জানিবলৈ দিয়ে৷

মন্ত্ৰীগৰাকীয়ে সাংস্কৃতিক সংগ্ৰহালয়ত থকা শিল্পী আইদেউ সন্দিকৈ আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে৷

অনুষ্ঠানত উপস্থিত থকা বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামেও আইদেউ সন্দিকৈৰ প্ৰতিমূৰ্তিত গামোছা প্ৰদান কৰি শ্ৰদ্ধা নিবেদন কৰে৷

অনুষ্ঠানৰ শেষত শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ পৰিয়ালৰ খবৰ লয় মন্ত্ৰী অতুল বৰাই।

এই অনুষ্ঠান উপৰিও মন্ত্ৰী অতুল বৰাই আজি তেওঁৰ গৃহ সমষ্টি বোকাখাতৰ ৰঙামাটি, বাদুলীপাৰ আৰু পশ্চিম কাজিৰঙা গাওঁ পঞ্চায়তৰ এলানি পথ নিৰ্মাণ প্ৰকল্পৰ শুভাৰম্ভ কৰে৷

Related News