NORTHEAST NOW (Assamese)

টকিঅ’ত অসম কন্যা লাভলীনাৰ কোৱাৰ্টাৰত প্ৰৱেশ; আৰু এটা বিজয়ে নিশ্চিত কৰিব পদক

July 27, 2021 11:56 am · এন ই নাও নিউজ

টকিঅ’ অলিম্পিকত আজি অনুষ্ঠিত প্ৰি-কোৱৰ্টাৰৰ খেলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে।

প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ নাডাইন এপেট’জৰ বিৰুদ্ধে ৰক্ষণাত্মক আৰম্ভণিৰে লাভলীনাই দ্বিতীয় ৰাউণ্ডত সুযোগ অনুসৰি আক্ৰমণাত্মক হৈ উঠে।

প্ৰথম ৰাউণ্ডত তিনিগৰাকী বিচাৰকে ভাৰতীয় বক্সাৰগৰাকীক পক্ষত ৰায় দিয়াৰ বিপৰীতে দুগৰাকী বিচাৰকে জাৰ্মান বক্সাৰগৰাকীৰ পক্ষত ৰায় দিয়ে।

দ্বিতীয় ৰাউণ্ডতো একেই দৃশ্য পৰিলক্ষিত হয়। তিনিগৰাকী বিচাৰকে লাভলীনাক আগুৱাই ৰাখে আৰু সেইদৰে তৃতীয় ৰাউণ্ডতো ভাৰতীয় তাৰকা বক্সাৰগৰাকীৰ পক্ষত ৰায় দিয়ে তিনিগৰাকী বিচাৰকে।

সকলো মিলি ৩-২ ব্যৱধানত প্ৰি-কোৱাৰ্টাৰৰ মেচখনত বিজয় সাৱ্যস্ত কৰে লাভলীনাই।

প্ৰথমখন মেচত বাই লাভ কৰাৰ পাছত দ্বিতীয়খন মেচত জিকি কোৱাৰ্টাৰ ফাইনেল স্থান নিশ্চিত কৰে লাভলীনাই।

এতিয়া ২৩ বছৰীয়া লাভলীনাই আৰু এখন মেচত জয়লাভ কৰিলেই পদক পোৱাটো নিশ্চত হৈ পৰিব। কিয়নো ছেমিফাইনেল খেলা খেলুৱৈয়ে কমেও ব্ৰঞ্জৰ পদক এটা পোৱাটো নিশ্চিত থাকে।

Related News