NORTHEAST NOW (Assamese)

ৰাজ্য সভাত নাগৰিকত্ব (সংশোধন) বিধেয়ক ২০১৯ বিতৰ্ক ||Live Video

December 11, 2019 12:45 pm · এন ই নাও নিউজ
Updated: December 11, 2019 1:36 pm
ৰাজ্য সভাত বিধেয়ক উত্থাপন কৰি গৃহ মন্ত্ৰী শ্বাহ।

অসমত নাগৰিকত্ব (সংশোধন) বিধেয়ক, ২০১৯-বিৰোধী ব্যাপক প্ৰতিবাদৰ মাজতে ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে বুধবাৰে বিলখন ৰাজ্য সভাত দাখিল কৰিছে।

দুপৰীয়া ১২.০৩ বজাত শ্বাহে লোক সভাত ইতিমধ্যে গৃহীত বিধেয়কখন উত্থাপন কৰিছে। উচ্চ সদনত বিতৰ্কৰ পিছতে বুধবাৰেই বিধেয়কখনৰ ওপৰত ভোট লোৱা হ’ব।

“আজি মই এখন ঐতিহাসিক বিধেয়ক লৈ মহিমামন্বিত সদনত উপস্থিত হৈছো। আশা কৰিছো, নাগৰিকত্ব আইন, ১৯৫৫ৰ সংশোধন বিধেয়কখন লোক সভাত পাৰিত ৰূপত গ্ৰহণ কৰা যাওক,” বিধেয়কখনক লৈ ৰাজ্য সভাত শ্বাহৰ প্ৰস্তাৱ।

কংগ্ৰেছে ৰাজ্য সভাতো বিধেয়কখনৰ সৰ্বাত্মক বিৰোধিতা কৰিছে। আন বিৰোধী সদস্যৰ মাজৰ পৰা লোক সভাত পাৰিত বিধেয়কখনত চাৰিটা সংশোধনৰ প্ৰস্তাৱ উত্থাপিত হৈছে।

তলৰ ভিডিঅ’টো ৰাজ্য সভা টি ভিৰ সৌজন্যত দিয়া হৈছে। ভিডিঅ’টোৰ –৩৮.৩৩ অংশৰ পৰা কেবৰ আলোচনা আপোনালোকে চাব পাৰে।

লগতে পঢ়ক– অসমীয়া অনুবাদ কেবৰ

 

https://youtu.be/UTjcxJc_teE

Related News