NORTHEAST NOW (Assamese)

কেব বিৰোধী আন্দোলন : ইণ্টাৰনেট সেৱা বন্ধ ত্ৰিপুৰাত; অসমতো সম্ভাৱনা?

December 10, 2019 5:47 pm · এন ই নাও নিউজ
Updated: December 10, 2019 7:14 pm

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে ত্ৰিপুৰাত ইণ্টাৰনেট আৰু এছ এম এছ সেৱা বন্ধ কৰি দিয়া হৈছে।

আজি দিনৰ ২ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনত ইণ্টাৰনেট তথা এছ এম এছ সেৱা বন্ধ কৰাৰ কথা এক জাননী যোগে সদৰী কৰে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ মানু আৰু কাঞ্চনপুৰ অঞ্চলত কেব বিৰোধী প্ৰতিবাদৰ সময়ত জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত গোষ্ঠীগত সংঘাত লগা বুলি গুজব প্ৰচাৰ হৈ থকাৰ কথা গম পোৱাৰ পিছতে আৰক্ষীয়ে এই সিদ্ধান্ত লয় বুলি জাননীখনত প্ৰকাশ।

উল্লেখযোগ্য যে ত্ৰিপুৰাত বিজেপিৰ বাহিৰে প্ৰতিটো ৰাজনৈতিক দল-সংগঠনেই কেবৰ তীব্ৰ বিৰোধিতা কৰিছে।

জানিব পৰা মতে ঠায়ে ঠায়ে পৰিস্থিতি অনিয়ন্ত্ৰত হৈ পৰে। খোৱাই অঞ্চলত বন্ধ সমৰ্থকৰ আক্ৰমণত কেইবাগৰাকী ব্যক্তি আহত হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে ত্রিপুৰাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ পিছতে অসমতো যিকোনো সময়ত ইন্টাৰনেট সেৱা বন্ধ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে একাংশই।

Related News