NORTHEAST NOW (Assamese)
অসম

Ragging: হোষ্টেলত ৰেগিঙত অসমৰ ছাত্ৰৰ মৃত্যু! আইআইটি খড়গপুৰৰ সঞ্চালকক তলব আদালতৰ

Posted by: এন ই নাও নিউজ, কলকাতা Updated by: এন ই নাও নিউজ, কলকাতা December 2, 2022 7:28 am

Calcutta HC summons IIT Director কলিকতা উচ্চ ন্যায়ালয়ে এজন ছাত্ৰৰ অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত এইবাৰ আইআইটি খড়গপুৰৰ সঞ্চালকক মাতি পঠিয়াইছে। অভিযোগ কৰা হৈছে যে হোষ্টেলৰ ভিতৰত ৰেগিং হৈছিল। মৃত ছাত্ৰজনৰ পৰিয়ালে দাবী কৰিছিল যে ইয়াৰ বাবেই ছাত্ৰজনৰ অস্বাভাৱিক মৃত্যু ঘটিছিল।

যোৱা ১৪ অক্টোবৰত অসমৰ তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ ২৩ বছৰীয়া ছাত্ৰজনৰ মৃতদেহ হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছিল। ছাত্ৰজনৰ পৰিয়ালে আইআইটি কৰ্তৃপক্ষৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আদালতৰ কাষ চাপিছিল।

লগতে পঢ়ক: প্ৰতিশোধৰ নৃশংস পথ! পিতৃৰ সৈতে হোৱা কাজিয়াৰ পোতক তুলিবলৈ তেওঁৰ কন্যা সন্তানক ধৰ্ষণ কৰি হত্যা কৰিলে ১৫ বৰ্ষীয় কিশোৰে

মৃত ছাত্ৰজনৰ অভিভাৱকৰ হৈ আদালতত উপস্থিত হোৱা অধিবক্তা ৰঞ্জিত চেটাৰ্জীয়ে কয় যে আদালতে আইআইটিৰ সঞ্চালকক ২০ ডিচেম্বৰত আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। সঞ্চালকে দাখিল কৰা প্ৰতিবেদনত আদালত সন্তুষ্ট নহয়। সেইকাৰণে সঞ্চালকজনক পৰৱৰ্তী শুনানিৰ বাবে মাতি পঠোৱা হৈছে।

আইআইটিয়ে ২৩ নৱেম্বৰত আদালতত তিনি পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছিল। হোষ্টেলত ৰেগিং কৰাৰ অভিযোগ উঠিছিল। সেইকাৰণেই বিচৰা হৈছিল এই প্ৰতিবেদন।

নৱেম্বৰ মাহতে উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠৰ ন্যায়াধীশ ৰাজশেখৰ মান্থাই আইআইটি খড়গপুৰৰ সঞ্চালকৰ পৰা প্ৰতিবেদন বিচাৰিছিল। ঘটনাটোত কোন জড়িত আছিল সেয়াও সোধা হৈছিল। আনহাতে, অতীতত এনে ধৰণৰ অত্যাচাৰৰ বিষয়ে অভিযোগ থকা স্বত্বেও কিয় কোনো ব্যৱস্থা লোৱা হোৱা নাছিল সেয়াও জানিব বিচাৰিছিল।

লগতে পঢ়ক: ইতিহাস গঢ়াৰ পথত কাটাৰ বিশ্বকাপ! ২২পুৰুষ ফুটবলাৰৰ মেচ পৰিচালনাত ৩ মহিলা ৰেফাৰী

অধিবক্তা ৰঞ্জিত চেটাৰ্জীয়ে কয় যে আইআইটিৰ সঞ্চালকে দাখিল কৰা প্ৰতিবেদনত কোনো শিক্ষাৰ্থীৰ নাম উল্লেখ কৰা হোৱা নাই। বিচাৰপীঠে এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছে। তাৰ পিছতে সঞ্চালকজনক পৰৱৰ্তী শুনানিৰ তাৰিখত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।