DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

প্ৰতিশোধৰ নৃশংস পথ! পিতৃৰ সৈতে হোৱা কাজিয়াৰ পোতক তুলিবলৈ তেওঁৰ কন্যা সন্তানক ধৰ্ষণ কৰি হত্যা কৰিলে ১৫ বৰ্ষীয় কিশোৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2022 6:39 am
child raped and killed
129
VIEWS
Share on FacebookShare on Twitter

দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ধৰ্ষণ তথা নাৰীজনিত অপৰাধৰ ঘটনা। পিছে সম্প্ৰতি পোহৰলৈ অহা এনে এক অপৰাধৰ ঘটনাই চকু কপালত তুলিছে সকলোৰে। প্ৰতিশোধৰ তাড়নাত কোনো লোক কেনে এক নিকৃষ্ট পৰ্যায়লৈ নামিব পাৰে, তাৰ এক ঘৃণনীয় তথা চাঞ্চল্যকৰ উদাহৰণ হৈ পৰিছে এটি ১৫ বৰ্ষীয় কিশোৰে সংঘটিত কৰা নৃশংস কাণ্ড।

এগৰাকী ব্যক্তিৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ পিছত এই কাজিয়াৰ প্ৰতিশোধ লোৱাৰ তাড়নাত এটি কিশোৰে ব্যক্তিগৰাকীৰ ৯ বৰ্ষীয় কন্যা সন্তানটিক ধৰ্ষণ কৰি হত্যা কৰিছে। এই নৃশংস কাণ্ড পোহৰলৈ অহাৰ পিছত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মহাৰাষ্ট্ৰৰ কল্যাণত সংঘটিত হৈছে এই নৃশংস কাণ্ড। বৃহস্পতিবাৰে পুৱা কল্যাণ ৰেল ষ্টেচনৰ সমীপৰ কল্যাণী পশ্চিম অঞ্চলৰ এখন আৱাসিক সমিতিৰ চৌহদত এটি ৯ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি আৰক্ষীৰ এটা দল অঞ্চলটোত উপস্থিত হয়।

ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি কিশোৰগৰাকীক চিনাক্ত কৰে আৰু অঞ্চলটোৰ স্থানীয় লোকক কিশোৰটিৰ বিষয়ে সোধা-পোছা কৰি জিম্মাত লয়।

জেৰাৰ সময়ত অভিযুক্ত কিশোৰগৰাকীয়ে আৰক্ষীক এই চাঞ্চল্যকৰ ঘটনাৰ বিষয়ে অৱগত কৰে। তেওঁৰ ভাষ্য মতে, দুদিনমান পূৰ্বে কন্যা শিশুটিৰ পিতৃৰ সৈতে তেওঁৰ তিক্ত কাজিয়া হৈছিল আৰু এই কাজিয়াৰ সময়ত ব্যক্তিগৰাকীয়ে তেওঁক শাৰীৰিকভাৱে আক্ৰমণো কৰিছিল।

এই আক্ৰমণৰ প্ৰতিশোধ ল’বলৈকে কিশোৰজনে ব্যক্তিগৰাকীৰ ৯ বৰ্ষীয় কন্যা সন্তানটিক অপহৰণ কৰি ধৰ্ষণ কৰে আৰু তাৰ পিছত ব্লেডেৰে ডিঙি কাটি হত্যা কৰে।

কিশোৰটিৰ স্বীকাৰোক্তিৰ ভিত্তিত স্থানীয় মহাত্মা ফুলে আৰক্ষীয়ে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (POCSO) ৰ অধীনত গোচৰ ৰুজু কৰি তেওঁক পৰ্যবেক্ষণ গৃহলৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত অধিক তথ্য-প্ৰমাণৰ বাবে তদন্ত অব্যাহত আছে বুলি এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

Recent News

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd