NORTHEAST NOW (Assamese)

কূটনীতিবিদসকলক ভাৰতৰ পৰা ছিংগাপুৰ আৰু মালয়েছিয়ালৈ স্থানান্তৰিত কৰিলে কানাডাই

October 7, 2023 8:05 am · এন ই নাও নিউজ, নতুন দিল্লী

ভাৰতে কানাডাৰ যথেষ্ট সংখ্যক কূটনীতিবিদক আঁতৰাই নিয়াৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে ভাৰতৰ পৰা কেইবাজনো কূটনীতিবিদক ছিংগাপুৰ আৰু মালয়েছিয়ালৈ স্থানান্তৰ কৰা হৈছে।

ভাৰতে কানাডাক ১০ অক্টোবৰৰ ভিতৰত নিৰ্দিষ্ট সংখ্যক কূটনীতিবিদ কৰ্তন কৰিবলৈ কৈছিল। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কানাডাৰ প্ৰায় ৪০ জন কূটনীতিবিদক ভাৰতৰ পৰা উলিয়াই নিব লগা হৈছে।

লগতে পঢ়কঃ ভাৰতত সাংবাকিদৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে বিশ্বৰ ২৩০ গৰাকী বিশিষ্ট ব্যক্তিৰ স্বাক্ষৰ

শিখ নেতা হৰদীপ সিং নিজ্জৰ হত্যাক লৈ বিগত কিছুদিন ধৰি কানাডা আৰু ভাৰতৰ মাজত উত্তেজনা অব্যাহত আছে। দুয়োখন দেশেই কূটনীতিবিদক বহিষ্কাৰৰ পথত আগবাঢ়িছে।

কানাডাৰ ব্যক্তিগত মালিকানাধীন টিভি চেনেল চিটিভিৰ বাতৰি অনুসৰি কানাডাই ভাৰতৰ পৰা কেইবাজনো কূটনীতিবিদক প্ৰত্যাহাৰ কৰিছে।

লগতে পঢ়কঃ ইৰাণত নাৰী-নিপীড়নৰ বিৰুদ্ধে যুঁজৰ স্বীকৃতি; কাৰাবন্দী নাৰ্গেছ মহম্মদীলৈ শান্তিৰ নোবেল বঁটা

নতুন দিল্লীত কৰ্মৰত কানাডাৰ বহুকেইজন কূটনীতিবিদক কুৱালালামপুৰ আৰু ছিংগাপুৰলৈ স্থানান্তৰ কৰা হৈছে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে। 

Related News