NORTHEAST NOW (Assamese)
অসম

এ পি এছ চি কেলেংকাৰিৰ নায়ক ৰাকেশ পালৰ গুৱাহাটী আৰু তুৰাৰ গৃহত চি বি আইৰ তালাচী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2019 7:50 am
pratidintv_1502873435-rakesh-pal-678x381

অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা চাকৰিৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত কৰা ৰাকেশ পালৰ গৃহত ২৩ জুলাই অৰ্থাৎ মঙলবাৰে চি বি আয়ে তালাচী চলায়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি চি বি আইৰ অভিযানকাৰী দলে পালৰ গুৱাহাটী আৰু মেঘালয়ৰ তুৰাত থকা গৃহত তালাচী চলায়।

উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষগৰাকী বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাকেশ পালৰ গোপন সম্পত্তিৰ বিষয়ে অনুসন্ধান চলাবৰ বাবে চি বি আইক দায়িত্ব দিছিল।

সূত্ৰ মতে, ৰাকেশ পালৰ গুৱাহাটী, ক’লকাতাকে ধৰি বিভিন্ন স্থানত ফ্লেট আৰু মাটিকে আদি কৰি ২২ টাতকৈও অধিক সম্পত্তি আছে আৰু এই সম্পত্তিৰ আনুমানিক মূল্য প্ৰায় ১০০-১৫০ কোটি টকাতকৈও অধিক হ’ব।

চাকৰি প্ৰদানৰ নামত উৎকোচ লোৱাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে পালক ২০১৬ চনতে গ্ৰেপ্তাৰ কৰিছিল।

ইতিমধ্যে এ পি এছ চি চাকৰি সংক্ৰান্তীয় কেলেংকাৰিত এ পি এছ চিৰ বিষয়া, সদস্যকে ধৰি ৭০ গৰাকীতকৈও অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, ৰাকেশ পালে অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰে ঘটা ধনেৰে এনে বৃহৎ সম্পত্তিৰ গৰাকী হৈছে বুলি অভিযোগ উত্থাপন হৈছে।