NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনী যুঁজত দেশৰ আটাইতকৈ ধনী মহিলাগৰাকী; অসমৰ সৈতেও আছে সম্পৰ্ক, কোন দলৰ প্ৰাৰ্থী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 14, 2024 9:46 am

দেশৰ আটাইতকৈ ধনী মহিলা সাৱিত্ৰী জিন্দাল। এইবাৰ ফৰ্বছ ইণ্ডিয়াৰ তালিকাত দেশৰ আটাইতকৈ ধনী মহিলা হিচাপে স্থান লাভ কৰিছে। সেই সাবিত্ৰী জিন্দাল এইবাৰ নিৰ্বাচনী যুঁজত নামিছে। হাৰিয়ানা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অন্তিম দিনা ৭৪ বছৰীয়া সাবিত্ৰীয়ে হিছাৰ আসনৰ বাবে মনোনয়ন দাখিল কৰে।

উল্লেখ্য যে সাৱিত্ৰী জিন্দালৰ অসমৰ সৈতেও আছে সম্পৰ্ক।  ১৯৫০ চনৰ ২০ মাৰ্চত জন্মগ্ৰহণ কৰা সাৱিত্ৰী জিন্দাল ডাঙৰ-দীঘল হৈছিল অসমৰ তিনিচুকীয়া চহৰত। তীখা আৰু শক্তিৰ সংঘবদ্ধ সংস্থা জিন্দাল গ্ৰুপ প্ৰতিষ্ঠা কৰা ওম প্ৰকাশ জিন্দালৰ সৈতে তেওঁ ১৯৭০ চনত বিবাহপাশত আদ্ধ হয়।

লগতে পঢ়কঃ অষ্ট্ৰেলিয়া চৰকাৰক ‘ফেচিষ্ট’ আখ্যা ইলন মাস্কৰ : কিন্তু কিয়?

সাৱিত্ৰী প্ৰয়াত উদ্যোগপতি অ‘ পি জিন্দালৰ পত্নী হোৱাৰ লগতে আৰু কুৰুক্ষেত্ৰৰ বিজেপি সাংসদ নবীন জিন্দালৰ মাতৃ। নবীন বিজেপি সাংসদ, কিন্তু মাতৃয়ে একেটা দলৰ হৈয়ে যুঁজিবনে? যদিও এই প্ৰশ্নক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, তথাপি মনোনয়ন দাখিল কৰাৰ পিছতে জনা গৈছে যে সাৱিত্ৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। তেওঁ হাৰিয়ানাৰ মন্ত্ৰী, বৰ্তমানৰ বিধায়ক কমল গুপ্তাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।

মনোনয়ন দাখিল কৰাৰ পিছত তেওঁ কয় যে তেওঁ এই নিৰ্বাচনত হিছাৰবাসীৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ বাবে নিৰ্বাচনত নামিছে। হিছাৰৰ প্ৰতিজনেই তেওঁৰ পৰিয়ালৰ, ওম প্ৰকাশ জিন্দালে তেওঁৰ সৈতে এই পাৰিবাৰিক সম্পৰ্ক স্থাপন কৰিছে।

ইতিমধ্যে এই প্ৰশ্ন উত্থাপন হৈছে যে তেওঁৰ পুত্ৰ বিজেপিৰ সাংসদ। সাৱিত্ৰীয়ে  অৱশ্যে জনায় যে তেওঁ বিজেপিৰ সদস্যপদ গ্ৰহণ কৰা নাই, কেৱল পুত্ৰৰ হৈ প্ৰচাৰহে চলাইছিল।

লগতে পঢ়কঃ দিনটোত কিমানবাৰ প্ৰস্ৰাৱ কৰে? সংখ্যাই ক’ব আপুনি সুস্থ নে…

উল্লেখ্য যে হাৰিয়ানাৰ ৯০ খন আসনৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে অহা ৫ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৮ অক্টোবৰত হ’ব ভোট গণনা।