NORTHEAST NOW (Assamese)

কোভিদ-১৯-ৰ চিকিৎসাত নিয়োজিত চিকিৎসা কৰ্মীসকলৰ নিৰাপত্তাত আৰক্ষী প্ৰদান কৰক : ৰাজ্যলৈ কেন্দ্ৰৰ আহ্বান

April 11, 2020 10:50 pm · এন ই নাও নিউজ
Updated: April 11, 2020 10:51 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

কোভিদ-১৯-ৰ বিৰুদ্ধে যুঁজাৰ বাবে নিয়োজিত চিকিৎসক, নাৰ্চকে ধৰি অন্যান্য চিকিৎসা কৰ্মীসকলক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহে প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে।

কোৱাৰিণ্টাইনত থকা ৰোগী সকল আৰু ঘৰত আইছ’লেশ্যনত থকা  লোক সকলৰ সেৱাত নিয়োজিত হৈ থকা চিকিৎসা কৰ্মী সকলক আৰক্ষীৰ নিৰাপত্তা প্ৰদান কৰাৰ বাবে শনিবাৰে গৃহ মন্ত্ৰ্যালয়ে ৰাজ্য চৰকাৰ সমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক আহ্বান জনায়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ পুন্য চালিলা শ্ৰীবাস্তৱে শনিবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা ৰাজহুৱা কৰে।

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন স্থানত হোম কোৱাৰিণ্টাইনত থকা ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে যোৱা চিকিৎসক সকল আক্ৰমণৰ সন্মুখিন হ’বলগীয়া হৈছিল।

মধ্য প্ৰদেশৰ ইন্দোৰত দুগৰাকী মহিলা চিকিৎসকৰ ওপৰত উন্মত্ত জনতাই শিল আদিৰ দৰে সামগ্ৰীৰে আক্ৰমণ সংঘটিত কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই অঞ্চলৰ পাঁচগৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো আজি ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে হোৱা বৈঠকত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে তেনে কাৰ্য্য সংঘটিত কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

Related News