NORTHEAST NOW (Assamese)

শিশুৰ বাবে এইবাৰ ইউআইডিএআইৰ ‘বাল আধাৰ’ কাৰ্ড! এনেদৰে কৰিব লাগিব আবেদন …

April 3, 2021 10:36 am · এন ই নাও নিউজ

ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা শেহতীয়াকৈ কৰা এটা টুইটত কোৱা হৈছে যে শিশুসকলৰ বাবেও Baal Aadhaar কাৰ্ড বনাব পাৰিব।

এই আধাৰ কাৰ্ড সাধাৰণতে ৫বছৰৰ কম বয়সৰ শিশুসকলৰ বাবে বনোৱা হয়। শিশুসকলৰ বাবে দিয়া আধাৰ কাৰ্ড নীলা ৰঙৰ হয়। কিন্তু ৫বছৰ বয়স হৈ গ’লেই এই আধাৰ বাতিল হৈ যাব।

সেয়ে, পৰৱৰ্তী সময়ত ওচৰৰ স্থায়ী আধাৰ কেন্দ্ৰলৈ গৈ এই আধাৰ নম্বৰতেই শিশুৰ বায়’মেট্ৰিক বিৱৰণ ৰেজিষ্টাৰ্ড কৰিব লাগে।

ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা জনাই দিয়া হৈছে ‘বাল আধাৰ’ কাৰ্ডত বায়’মেট্ৰিক আইডেন্টিফিকেশ্যনৰ দৰে আইৰিছ স্কেন বা ফিংগাৰপ্ৰিন্ট স্কেনৰ প্ৰয়োজন নহয়।

কিন্তু ৫বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগেই বায়’মেট্ৰিকৰ সৈতে আধাৰ কাৰ্ড দিয়া হ’ব।

এতিয়া এই ‘বাল আধাৰ’ কাৰ্ডৰ বাবে কেনেদৰে আবেদন কৰিব লাগিব চাওক-

প্ৰথমতে ইউআইডিএআইৰ ৱেবছাইট  http://www.uidai.gov.in বা https://resident.uidai.gov.in-ত গৈ আধাৰ কাৰ্ড  ৰেজিষ্ট্ৰেশ্যন লিংকত ক্লিক কৰিব লাগিব।

ইয়াৰ পাছত শিশুটিৰ নাম, পিতৃ-মাতৃৰ ফোন নম্বৰ, ই-মেইল আদি দাখিল কৰিব লাগিব। লগতে ঘৰৰ ঠিকনা-গাওঁ/চহৰ, জিলা, ৰাজ্য, পিনকোড আদি দিব লাগিব।

তাৰ পাছতে আধাৰ কেন্দ্ৰত গৈ নাম নথিভুক্ত কৰাৰ দিন ঠিক কৰিব লাগিব।

আধাৰ কেন্দ্ৰত ফৰ্মত উল্লেখ কৰা তথ্য অনুসৰি সকলো নথি লৈ যাব লাগিব। পিতৃ বা মাতৃ যিকোনো এজনৰ আধাৰ কাৰ্ড লৈ যাব পাৰে।

আধাৰ কেন্দ্ৰত গৈ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পাছত ৬০দিনৰ ভিতৰত ‘বাল আধাৰ’ কাৰ্ড পাব।

Related News