NORTHEAST NOW (Assamese)

শিৱসাগৰত চীনা পতাকা দাহ ঐক্য সেনা অসমৰ; ভাৰতৰ বীৰ চহিদ সকললৈ শ্ৰদ্ধাঞ্জলি

June 17, 2020 8:29 pm · পাৰ্শ্বজোতি গগৈ
শিৱসাগৰত প্ৰতিবাদ

লাডাখ সীমান্তত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত চহিদ হোৱা ভাৰতীয় সেনা বাহিনীৰ বীৰ জোৱান সকলক স্মৰণেৰে শিৱসাগৰত ঐক্য সেনা অসমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বীৰ চহিদ সকলৰ শান্তিৰ অৰ্থে ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধা নিবেদন কৰা হয়।

ঐক্য সেনা অসমৰ শিৱসাগৰৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত চীনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

অনুষ্ঠানতে ঐক্য সেনা অসমৰ সদস্য সকলে চীনা পতাকা দাহ কৰি ক্ষোভ প্ৰকাশ কৰে।

সংগঠনটোৰ সদস্য় সকলে ভাৰতীয় সৈন্য জিন্দাবাদ,  চীন চৰকাৰ মুৰ্দাবাদ, চীনা সামগ্ৰী বৰ্জন কৰক,  চীনৰ সৈতে ব্যৱসায়ীক লেন-দেন বন্ধ কৰক আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Related News